মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ অভিযানক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা দিয়া হৈছে চূড়ান্ত নিৰ্দেশ। মাইকযোগে প্ৰচাৰ কৰি পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। ফলত পুনৰ অনিশ্চয়তাত পৰিছে নেঘেৰীবিলৰ উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহ।ইয়াৰ পিছতে অঞ্চলটোত পুনৰ উচ্ছেদকেন্দ্ৰিক উত্তেজনা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।
পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান
