গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ মুকলি উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত ‘ভিএফএছ গ্ল’বেল’-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে চাইপ্ৰাছ, ইজিপ্ত, আয়াৰলেণ্ড, জাপান, মাল্টা, মৰক্কো আৰু যুক্তৰাজ্যৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব৷

উল্লখ্য যে এই কেন্দ্ৰত শ্বেনগেন ভিছা আবেদনৰো সুবিধা থাকিব আৰু এই ভিছা লাভ কৰা লোকে ইউৰোপৰ ২৯ দেশ ভ্ৰমণ কৰিব পাৰিব৷ এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সেৱাৰ সুবিধা সহজে উপলব্ধ কৰাব আৰু বিশ্বৰ বহু দেশক উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চপাই আনিব৷

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *