গীতা নগৰ থানাৰ গৃহ প্ৰৱেশত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ

নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত গীতা নগৰ আৰক্ষী থানাৰ গৃহ প্ৰৱেশ অনুষ্ঠান আজি সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা।
​অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক শৰ্মাই গীতা নগৰ আৰক্ষী থানাৰ সেৱাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আৰম্ভণিৰে পৰাই এই থানখনে অঞ্চলটোত আইনী ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে ৰাইজৰ সুৰক্ষা আৰু শান্তি-শৃংখলা বজায় ৰখাৰ ক্ষেত্ৰত অতি সুদক্ষ আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে। বৰ্তমান গুৱাহাটী দূৰদৰ্শন পৰিসৰত এই নতুন গৃহটি ভাৰা ঘৰ হিচাপে লৈ কাৰ্যালয়ৰ কাম-কাজ চলোৱা হৈছে যদিও, অনাগত দিনত গীতা নগৰ আৰক্ষী থানাই নিজা স্থায়ী ঠিকনা আৰু স্থায়ী গৃহ লাভ কৰিব বুলি তেওঁ দৃঢ় আশা প্ৰকাশ কৰে।
​আজীৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্ত আৰু যুটীয়া আৰক্ষী আয়ুক্ত শ্ৰীযুত অংকুৰ জৈনৰ লগতে বিভাগীয় শীৰ্ষ বিষয়া আৰু ভালেসংখ্যক আৰক্ষী কৰ্মী উপস্থিত থাকে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে অঞ্চলটোত অপৰাধ নিয়ন্ত্ৰণ আৰু সৰ্বসাধাৰণ ৰাইজক ক্ষিপ্ৰ সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দোহাৰে।
​অনুষ্ঠানটিত স্থানীয় ৰাইজৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু আৰক্ষী বাহিনীৰ সদস্যসকলৰ উপস্থিতিয়ে এক সুন্দৰ তথা উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰে।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *