চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক মহিলাৰ পঞ্জীয়ন

মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগটোৰ প্ৰথমখন ত্ৰৈমাসিক নিউজলেটাৰ আৰু সামাজিক আচৰণ পৰিৱৰ্তন সম্পৰ্কীয় কৌশলপত্ৰ মুকলি কৰে।

মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ বাবে বিভাগৰ লগতে এই কামত সহযোগ কৰা আই পি ই গ্লোবেলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। লগতে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, বেটী বচাও বেটী পঢ়াও আৰু পোষণ অভিযানৰ দৰে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা আৰু শিশুৰ কল্যাণৰ হকে বিভাগটোৱে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ অংগনৱাড়ী কৰ্মীসকলকে ধৰি বিভাগটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সমাজৰ সৈতে সংযোগ স্থাপন আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক যোগ্য মহিলাক পঞ্জীয়ন কৰা হৈছে।

ত্ৰৈমাসিক নিউজলেটাৰখনত বিভাগটোৰ বিভিন্ন কাৰ্যকলাপ আৰু সাফল্যসমূহ সামৰি লোৱা হৈছে। আনহাতে, সামাজিক আচৰণ পৰিৱৰ্তন সম্পৰ্কীয় কৌশলপত্ৰখনে সমাজৰ বিভিন্ন পৰ্যায়ত সামাজিক আৰু আচৰণগত পৰিৱৰ্তন সাধনৰ বাবে কাৰ্যকৰী নিৰ্দেশনা প্ৰদান কৰিব। এই কৌশলপত্ৰত উল্লেখিত পদ্ধতিসমূহৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰথমে নিৰ্বাচিত জিলাসমূহত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব।

অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মুকেশ কুমাৰ চাহু, সঞ্চালক গৌৰী শংকৰ শৰ্মা, আই পি ই গ্লোবেলৰ ৰাজ্যিক মুৰব্বী এম. নংয়াই হেইক্ৰুজামৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *