ইতিহাস সৃষ্টিৰে ট্র্যাপ শ্বুটিং প্ৰতিযোগিতাত স্বৰ্ণপদক নীৰু ধান্ধাৰ

ভাৰতীয় শ্বুটাৰ  নীৰু ধান্ধাই মঙলবাৰে এছিয়ান গেমছৰ মহিলাৰ ব্যক্তিগত ট্র্যাপ শ্বুটিং প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰি এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। ইয়াৰ লগে লগে এছিয়ান গেমছত মহিলাৰ ট্ৰ্যাপ শ্বুটিং শাখাত ব্যক্তিগত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে তেওঁ ইতিহাসৰ পাতত নাম খোদিত কৰে। ৩০ টা লক্ষ্যৰ ভিতৰত ২৮ টা নিখুঁতভাৱে লগাই নীৰুৱে নৱতম মহাদেশীয় অভিলেখো স্থাপন কৰে। প্ৰতিযোগিতাৰ সময়ত মুষলধাৰ বৰষুণ আৰু তীব্ৰ ঠাণ্ডা প্ৰত্যাহ্বান স্বত্বেও ২৬ বছৰীয়া নায়ব চুবেদাৰ ধান্ধাই নিজৰ অসাধাৰণ মানসিক দৃঢ়তা আৰু লক্ষ্যভেদী প্ৰদৰ্শন অক্ষুণ্ণ ৰাখে। চীনৰ সুন ইউনঙে ২৬ টা লক্ষ্য সাৰ্থক কৰি ৰূপৰ পদক লাভ কৰে।

উল্লেখ্য যে, এই বৃহৎ সফলতা লাভ কৰাৰ মাত্র দহ দিন পূৰ্বে নীৰু গুৰুতৰ জ্বৰত আক্ৰান্ত হৈ ভূপালৰ এখন হাস্পতালত ভৰ্তি হৈ আছিল আৰু পাঁচ দিন ধৰি একো আহাৰ গ্ৰহণ কৰিব পৰা নাছিল। ব্যক্তিগত প্ৰশিক্ষক মাক্ষেৰ সিং আৰু ব্ৰিটিছ প্ৰশিক্ষক পিটাৰ উইলছনৰ মাৰ্গদৰ্শনত নিজকে পুনৰ প্ৰস্তুত কৰি তেওঁ খেলপথাৰত অৱতীৰ্ণ হয়। ব্যক্তিগত সোণৰ পদক অৰ্জন কৰাৰ পূৰ্বে মঙলবাৰে পুৱা নীৰু ধান্ধাই আশিমা আহলাৱাট আৰু মনীষা কীৰৰ সৈতে সন্মিলিতভাৱে মহিলাৰ ট্ৰ্যাপ দলগত শ্ৰেণীত ভাৰতক ৰূপৰ পদক উপহাৰ দিয়ে।

১৯৭৮ চনত বেংকক এছিয়ান গেমছত ৰণধীৰ সিঙে লাভ কৰা ইতিহাসৰ পিছত, ৪৮ বছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত কোনো ভাৰতীয়ই এই ব্যক্তিগত ট্ৰ্যাপ ইভেন্টত সোণৰ পদক জিকিবলৈ সক্ষম হৈছে। বিজয়ৰ পিছত ভাৰতীয় সেনাবাহিনীৰ শ্বুটাৰগৰাকীয়ে তেওঁৰ এই পদকটো দেশৰ সীমা সুৰক্ষাত নিয়োজিত জোৱানসকল আৰু প্ৰাক্তন স্বৰ্ণপদক বিজয়ী ৰণধীৰ সিঙৰ নামত উৎসৰ্গা কৰে। তেওঁৰ মূল লক্ষ্য এতিয়া অলিম্পিকত পদক অৰ্জন কৰা বুলি ব্যক্ত কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *