জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখন নেৰানেপেৰা বৰষুণৰ বাবে বাতিল কৰা হয়। ইয়াৰ লগে লগে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিকূল বতৰৰ বাবে মেচখন অনুষ্ঠিত নোহোৱাত আই চি চি টি-২০ ৰেংকিংৰ শীৰ্ষস্থানত থকাৰ সুবিধা লাভ কৰি ভাৰতে ছেমি ফাইনেলৰ স্থান সুনিশ্চিত কৰে। আই চি চি টি-২০ ৰেংকিংত ভাৰত ১ম স্থানত থকাৰ বিপৰীতে আফগানিস্তান ১০ম স্থানত আছে।
ছেমি ফাইনেলত ভাৰতে নেপাল আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলৰ মুখামুখি হ’ব। যদি সেই মেচখনো বৰষুণৰ বাবে বাতিল হয়, তেন্তে উন্নত ৰেংকিংৰ ভিত্তিত শ্ৰীলংকাই ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব। এই প্ৰতিযোগিতাত শ্রেয়স আয়াৰে ভাৰতীয় দলটোক নেতৃত্ব দিছে। নিয়মিত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত ব্যস্ত থকাৰ বাবে ভি ভি এছ লক্ষ্মণে প্ৰশিক্ষকৰ দায়িত্ব চম্ভালিছে।
জছপ্ৰীত বুমৰাহ, ৰবি বিষ্ণোই আদি অভিজ্ঞ খেলুৱৈৰ উপৰিও ১৫ বছৰীয়া উদীয়মান বেটাৰ বৈভৱ সূৰ্যবংশীও এই দলটোত স্থান লাভ কৰিছে।মেচ বাতিল হোৱাৰ পিছত ভাৰতীয় লেগ স্পিনাৰ ৰবি বিষ্ণোৱীয়ে কয় যে খেলুৱৈসকলে খেলৰ উপৰিও এছিয়ান গেমছৰ গাঁৱত অন্যান্য ক্ৰীড়া প্ৰতিযোগিতা উপভোগ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে।
