ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

অসমৰ ডিব্ৰুগড়ৰ পৰা মালবাহী জাহাজে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে চুবুৰীয়া বাংলাদেশলৈ মিথানল সৰবৰাহ কৰিবলৈ সাজু হৈছে বুলি এগৰাকী বিষয়াই জনায় । অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই দাবী কৰে যে ইয়াৰ দ্বাৰা স্বাধীনতাৰ পিছত পূবৰ চহৰৰ পৰা জলপথেৰে ৰপ্তানি পথ পুনৰাম্ভ হ’ব ।ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখন জাহাজ অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে বাংলাদেশলৈ মিথানল ৰপ্তানি কৰিবলৈ লিজত লৈছে । মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰা ৰাজ্য চৰকাৰৰ অসম পেট্ৰ’-কেমিকেলছ লিমিটেড, পূব অসমৰ তৈলক্ষেত্ৰত থকা প্ৰাকৃতিক গেছৰ বিশাল মজুত ব্যৱহাৰৰ বাবে গঠন কৰা হৈছিল ।শনিবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়, ‘‘আন এটা সপোন বাস্তৱায়নৰ বাটত । ইংৰাজ গুচি যোৱাৰ পিছৰে পৰা স্বাধীন ভাৰতৰ ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে জল পৰিবহণৰ জৰিয়তে কোনো ধৰণৰ ব্যৱসায় চলি থকা বুলি জনা নাযায়, লগতে ব্যৱসায়ৰ বাবে এই পথেৰে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী পৰিবহণৰ কোনো দৃষ্টান্তৰ বিষয়েও মই অৱগত নহয় ।’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *