টাটা ষ্টাৰবাক্সৰ সীমিত সংস্কৰণৰ ফেষ্টিভ মেনুৰে উদযাপন কৰক দুৰ্গা পূজা

গুৱাহাটী: টাটা ষ্টাৰবাক্সে পূৰ্বৰ অভূতপূৰ্ব সঁহাৰিৰ ওপৰত ভিত্তি কৰি এই ফেষ্টিভ ছিজনত পুনৰ আগবঢ়াইছে ‘আমাৰ পূজো, আমাৰ ষ্টাৰবাক্স’। পূব ভাৰতৰ সমৃদ্ধ ৰন্ধন ঐতিহ্যৰ দ্বাৰা অনুপ্ৰাণিত এইখন হৈছে এক বিশেষভাৱে প্ৰস্তুত কৰা সীমিত সংস্কৰণৰ মেনু। এই উৎসৱকালীন মেনুত জনপ্ৰিয় আঞ্চলিক সোৱাদ আৰু ষ্টাৰবাক্সৰ স্বকীয় অভিজ্ঞতাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটোৱা হৈছে, যাৰ জৰিয়তে গ্ৰাহকসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে দুৰ্গা পূজা উদযাপন কৰাৰ নতুন সুযোগ লাভ কৰিব।

টাটা ষ্টাৰবাক্সৰ সামগ্ৰী আৰু বিপণন বিভাগৰ মুৰব্বী মিতালী মাহেশ্বৰীয়ে কয় যে, “দুৰ্গা পূজা হৈছে পূব ভাৰতৰ আটাইতকৈ আদৰৰ উৎসৱসমূহৰ ভিতৰত অন্যতম, যিয়ে অংশীদাৰী পৰম্পৰা, খাদ্য আৰু একতাৰ জৰিয়তে সমাজখনক একত্ৰিত কৰে। এই বৰ্ষত ষ্টাৰবাক্সৰ স্বকীয় অভিজ্ঞতালৈ হেঁপাহৰ আঞ্চলিক সোৱাদসমূহ কঢ়িয়াই অনা এখন সতেজ মেনুৰে এই বিশেষ ক্ষণটো চিহ্নিত কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। মেনুত নতুনকৈ কোছা মাংস ৰোল আৰু গুৰেৰ সন্দেশ ফ্লেন পূৰ্বৰ প্ৰিয় আইটেমসমূহৰ সৈতে যোগ দিয়া হৈছে, যিয়ে এই অঞ্চলটোৰ শিপাৰ সৈতে জড়িত সোৱাদসমূহক আধুনিক ৰূপ প্ৰদান কৰিছে। যিহেতু আমাৰ ষ্ট’ৰসমূহ গ্ৰাহকৰ বাবে সদায় এক আদৰণীয় স্থান হৈ আহিছে, গতিকে পূজাক বিশেষ কৰি তোলা বহু কথা-বতৰা, সম্পৰ্ক আৰু উদযাপনৰ অংশ হ’বলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ।”

গতিকে, আপোনাৰ প্ৰিয়জনৰ সৈতে পূজা উদযাপন কৰিবলৈ সাজু হওক আৰু টাটা ষ্টাৰবাক্সত এই উৎসৱৰ আনন্দ সম্পূৰ্ণৰূপে উপভোগ কৰক।এই উৎসৱকালীন মেনু ২৬ ছেপ্টেম্বৰৰ পৰা ২১ অক্টোবৰলৈ গুৱাহাটী, কলকাতা, শিলিগুৰি, ভুবনেশ্বৰ, জামছেদপুৰ, পাটনা, ৰাঁচী আৰু গেংটকৰ নিৰ্বাচিত ষ্টাৰবাক্স ষ্ট’ৰসমূহত উপলব্ধ হ’ব। মহালয়াৰ পবিত্ৰ ক্ষণটো উদযাপন কৰিবলৈ কলকাতাৰ পাৰ্ক মেনচন, চাউদাৰ্ন এভিনিউ, লৌডন ষ্ট্ৰীট আৰু নিউ আলিপুৰ ষ্ট’ৰসমূহ পুৱা ৫:০০ বজাতে মুকলি কৰা হ’ব, যাতে গ্ৰাহকসকলে একাপ কফিৰ সৈতে উৎসৱৰ আৰম্ভণি কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *