মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ এনডিএত মতভেদ; স্বচ্ছতাৰ দাবীত সৰৱ চিৰাগ পাছোৱান, টিডিপি আৰু আৰএলএম

নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সংঘটিত সংঘাতক লৈ দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াই এতিয়া জোকাৰি গৈছে এনডিএ মিত্ৰজোঁটক। কেৱল বিৰোধীয়েই নহয়, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালীক লৈ এইবাৰ পোনপটীয়াকৈ প্ৰশ্ন তুলিলে বিজেপিৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সহযোগী দলে। কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছোৱানে আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ স্পষ্টীকৰণ দাবী কৰাৰ পিছতেই তেলুগু দেশম পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাইও একে সুৰতে আয়োগৰ পৰা উত্তৰ বিচাৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে সতৰ্কবাৰ্তা দি কয় যে নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত দেশৰ সাধাৰণ জনতাৰ আস্থা এতিয়া সংকটৰ মুখত পৰিছে। তেওঁ কোনো ৰাজনৈতিক পক্ষ নোলোৱাকৈ বিষয়টো স্পষ্ট কৰি কয়, “যদিহে নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যায়, তেন্তে সেয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। গতিকে মোৰ মতে নিৰ্বাচন আয়োগে অধিক দৃঢ়তাৰে নিজৰ স্থিতি স্পষ্ট কৰা উচিত। বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই যদিও ৰাইজৰ মনত সৃষ্টি হোৱা সন্দেহ আঁতৰ কৰাটো আয়োগৰ নৈতিক দায়িত্ব।”

একেদৰে টিডিপিয়েও বিষয়টোত স্বচ্ছতা অৱলম্বন কৰিলেহে সাংবিধানিক প্ৰতিষ্ঠানটোৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাব বুলি মত প্ৰকাশ কৰে। দলটোৰ লোকসভাৰ মজিয়াৰ নেতা লাভূ শ্ৰীকৃষ্ণ দেৱৰায়লুৱে কয় যে অন্ধ্ৰপ্ৰদেশত এছআইআৰ প্ৰক্ৰিয়া স্বচ্ছভাৱে চলিছিল যদিও দেশজুৰি সৃষ্টি হোৱা এনে সানমিহলি পৰিৱেশত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এটা স্পষ্ট ব্যাখ্যা অহাটো অত্যন্ত ফলপ্ৰসূ হ’ব।

ইফালে আন এক সহযোগী দল আৰএলএমৰ মুৰব্বী উপেন্দ্ৰ কুশ্বৱাহাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ সাধাৰণ মানুহৰ মাজত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু এই অনিশ্চয়তা দূৰ কৰিবলৈ আয়োগে পলম নকৰি নিজেই আগবাঢ়ি আহি স্পষ্টীকৰণ দিয়া উচিত।

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে যোৱা ১০ মাহত আয়োগৰ কেইবাটাও একপক্ষীয় সিদ্ধান্ত আৰু ভোটাৰ পঞ্জীয়নৰ ‘প্ৰপত্ৰ ৬’ৰ সালসলনিক লৈ কমেও ১৪ বাৰকৈ লিখিত আপত্তি দৰ্শোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পিছতেই এই সমগ্ৰ বিতৰ্কৰ সূচনা হয়। বিৰোধীয়ে ইতিমধ্যে মুখ্য নিৰ্বাচনী আয়ুক্তৰ পদত্যাগ আৰু এছআইআৰ স্থগিত ৰখাৰ দাবী জনাই অহাৰ মাজতে এতিয়া শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰসকলৰ এই অসন্তুষ্টিয়ে সমগ্ৰ বিষয়টোক অধিক জটিল কৰি তুলিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *