২ অক্টোবৰৰ পৰা নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

সুদীৰ্ঘ দিন বন্ধ হৈ থকাৰ পাছত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ বৰ্ষৰ নতুন পৰ্যটন ঋতুৰ বাবে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য স্থান মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল।বাৰিষাৰ বাবে নিয়মীয়াকৈ বন্ধ ৰখাৰ পাছত এই পুনৰ মুকলিৰ লগে লগে সমগ্ৰ উদ্যানখনতে বনৰীয়া হাতী চফাৰী, জীপ চফাৰী আৰু অন্যান্য পৰ্যটন কাৰ্যকলাপ পৰ্যায়ক্ৰমে আৰম্ভ হ’ব।মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়টো মূল প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাবে উদ্যানখনৰ দ্বাৰ মুকলি কৰা হ’ব। এই উপলক্ষে পৰ্যটকসকলক আদৰিবলৈ বন বিভাগৰ লগতে স্থানীয় পৰ্যটন ব্যৱসায় কৰ্মীসকলেও ব্যাপক প্ৰস্তুতি চলাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *