পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ লক্ষ্যৰে বিজেপিয়ে অকলেই ব্যয় কৰিছিল প্ৰায় ২৮৭ কোটি টকা।ভাৰতীয় নিৰ্বাচন আয়োগত ৰাজনৈতিক দলসমূহে দাখিল কৰা আনুষ্ঠানিক হিচাপ অনুসৰি, বিজেপিয়ে পশ্চিমবংগত খৰচ কৰা এই বিপুল পৰিমাণৰ ধন কংগ্ৰেছে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত মিলি কৰা মুঠ ব্যয়তকৈও অধিক। একেটা বৰ্ষতে অনুষ্ঠিত অসম, কেৰালা, তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সৰ্বমুঠ ৫২৯.৩৮ কোটি টকা ব্যয় কৰাৰ বিপৰীতে কেৱল বংগতেই খৰচ কৰে ২৮৬.৯৯ কোটি টকা। ইয়াৰে ২১৭.১৬ কোটি টকা সাধাৰণ প্ৰচাৰ অভিযানত আৰু ৬৯.৮৩ কোটি টকা প্ৰাৰ্থীসকলৰ বাবদ ব্যয় কৰা হয়।
উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিয়ে তৃণমূল কংগ্ৰেছক ওফৰাই ২৯৩ খন আসনৰ ভিতৰত ২০৭ খন লাভ কৰি ইতিহাস সৃষ্টিৰে প্ৰথমবাৰলৈ বংগত শাসনৰ বাঘজৰী হস্তগত কৰে। বিপৰীতে তৃণমূল কংগ্ৰেছে লাভ কৰে মাত্ৰ ৮০ খন আসন। আনহাতে ৰাজ্যখনত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছে মাত্ৰ দুখন আসন লাভ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিয়ে বংগত সৰ্বমুঠ ৪২.০৮ কোটি টকা ব্যয় হোৱা বুলি আয়োগক জনায়। দশক দশক ধৰি বংগত শাসন কৰা চিপিআই(এমে) ১৯৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন আসন লাভ কৰে আৰু তেওঁলোকৰ ব্যয় আছিল ৮.২৩ কোটি টকা। অৱশ্যে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন এতিয়াও ৰাজহুৱা হোৱা নাই।
ইফালে কেৰালাত ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি এখন দেখিবলৈ পোৱা গৈছে। কেৰালাত কংগ্ৰেছে বিজেপিতকৈ অধিক ধন খৰচ কৰি সাফল্য অৰ্জন কৰে। বাওঁপন্থী এলডিএফ মিত্ৰজোঁটক ক্ষমতাচ্যুত কৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰা নিৰ্বাচনখনত কংগ্ৰেছে ১০৫.৩৪ কোটি টকা ব্যয় কৰে। তাৰ বিপৰীতে বিজেপিয়ে কেৰালাত মাত্ৰ ৮২.৬৭ কোটি টকা ব্যয় কৰি তিনিখন আসন দখল কৰিবলৈ সমৰ্থ হয়। নিৰ্বাচন আয়োগৰ এই তথ্য ৰাজহুৱা হোৱাৰ পিছতেই দলসমূহৰ নিৰ্বাচনী ব্যয় আৰু প্ৰচাৰ কৌশলক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন চৰ্চাই গা কৰি উঠিছে।
