যমুনা এক্সপ্ৰেছৱে’ত চলন্ত বাছত বিধ্বংসী অগ্নিকাণ্ড; নিদ্ৰাৰত অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাসহ ৯ যাত্ৰীৰ কৰুণ মৃত্যু

চলন্ত বাহনৰ ভিতৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে ৯ জনকৈ যাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাস্থিত যমুনা এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আন কেইবাজনো যাত্ৰী। নয়ডাৰ পৰা মাহোবা অভিমুখে গৈ থকা অৱস্থাত ৩৫ গৰাকী আৰোহীসহ যাত্ৰীবাহী ডাবল ডেকাৰ শ্লিপাৰ বাছখনত হঠাৎ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। সেই সময়ত বাছখনৰ প্ৰায়সংখ্যক যাত্ৰীয়েই গভীৰ নিদ্ৰাত নিমগ্ন আছিল।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক তদন্ত অনুসৰি, শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত বিস্ফোৰণ ঘটি ইঞ্জিনৰ লুব্ৰিকেটিং তেলত জুই লগাৰ ফলতেই সমগ্ৰ বাহনখনলৈ এই জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনা ব্যক্ত কৰিছে অনুসন্ধানকাৰী দলে।

ক’লা ধোঁৱাৰে বাছখনৰ ভিতৰচৰা ভৰি পৰাত উশাহ-নিশাহ বন্ধ হৈ পৰাৰ উপক্ৰম ঘটে আৰু ভিতৰত আবদ্ধ যাত্ৰীসকলৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ। একাংশ যাত্ৰীয়ে জীৱন ৰক্ষাৰ স্বাৰ্থত খিৰিকীৰ কাচ ভাঙি বাহিৰলৈ জাপ দি নিজকে ৰক্ষা কৰে যদিও আন ৯ গৰাকী লোকে বাহিৰ ওলাব নোৱাৰি ভস্মীভূত বাহনখনৰ ভিতৰতে মৃত্যুক সাৱটি লয়।

খবৰ লাভ কৰাৰ লগে লগে জেৱাৰ আৰক্ষী থানা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে ঘটনাৰ বুজ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ প্ৰতিটো পৰিয়াললৈ দুই লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী আহত যাত্ৰীক উন্নত আৰু বিনামূলীয়া চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈকো স্থানীয় প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *