মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু গোহাঁই কমল আলি পুনৰ নিৰ্মাণৰ দাবী; মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কোচবিহাৰৰ ৰাজপৰিয়ালৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়াণ ক্ষেত্ৰ ঐতিহাসিক মধুপুৰ সত্ৰৰ বেদখল উচ্ছেদ আৰু সংৰক্ষণৰ বাবে এইবাৰ সৰৱ হৈ পৰিল মহাৰাজ নৰনাৰায়ণৰ বংশধৰসকল। পশ্চিমবংগ ভ্ৰমণৰ সময়ত সত্ৰখন পৰিদৰ্শন কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ‘দ্য কোচবিহাৰ ৰয়েল ফেমিলী চাকচেছৰ্ছ ৱেলফেয়াৰ ট্ৰাষ্ট’-ৰ এটা সঁজাতি দলে কেইবাটাও ঐতিহাসিক আৰু সাংস্কৃতিক দাবী সম্বলিত এক আনুষ্ঠানিক স্মাৰকপত্ৰ অৰ্পণ কৰে। ট্ৰাষ্টৰ অধ্যক্ষ কুমাৰ জিতেন্দ্ৰ নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোৱে দুয়োখন ৰাজ্যৰ ঐতিহাসিক সম্পৰ্কক পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

স্মাৰকপত্ৰখনত সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত ধুবুৰী-ফুলবাৰী সংযোগী দলংখন ‘মহাৰাজ বিশ্বসিংহ নৰনাৰায়ণ সেঁতু’ হিচাপে নামকৰণ কৰিবলৈ বিশেষ দাবী উত্থাপন কৰা হয়। ইয়াৰ উপৰিও তাহানিৰ অসম আৰু পশ্চিমবংগ সংযোগী প্ৰায় ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক গোহাঁই কমল আলিৰ পুনৰ নিৰ্মাণ, বৈকুণ্ঠপুৰৰ দামোদৰ ধামৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণসহ আধুনিকীকৰণ, সীমান্তৱৰ্তী কৰ্মতীৰ্থ ভৱনক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু অসম-পশ্চিমবংগ সীমান্তত মহাবীৰ চিলাৰায়ৰ এক সুবৃহৎ প্ৰতিমূৰ্তি স্থাপনৰ বাবেও ৰাজপৰিয়ালে অনুৰোধ জনায়। উত্তৰ বংগত থকা শংকৰদেৱৰ স্মৃতিবিজড়িত সকলো ঐতিহাসিক সত্ৰ-নামঘৰ সংৰক্ষণৰ বিষয়টোতো দলটোৱে বিশেষ গুৰুত্ব আৰোপ কৰে।

ইফালে মধুপুৰ সত্ৰৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে ৩৫ কোটি টকাৰ উন্নয়নমূলক আঁচনি ঘোষণা কৰাৰ পদক্ষেপক আদৰণি জনায় ৰাজপৰিয়ালৰ সদস্য কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, কুমাৰ মৃদুল নাৰায়ণ আৰু কুমাৰ ব্ৰজেন্দ্ৰ নাৰায়ণে। একেদৰে অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানত সঁহাৰি জনাই পশ্চিমবংগ চৰকাৰেও ধামখনৰ বাবে ৩০ কোটি টকা প্ৰদানৰ সিদ্ধান্তক তেওঁলোকে শলাগ লয়। দুয়োখন ৰাজ্য চৰকাৰৰ এই যৌথ পদক্ষেপে ঐতিহাসিক মধুপুৰ ধামক দেশৰ অন্যতম আকৰ্ষণীয় আধ্যাত্মিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৰাজপৰিয়ালে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *