আইভিএফ চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে এজন ফাৰ্টিলিটি স্পেচিয়েলিষ্টে এগৰাকী মহিলাৰ অভাৰিয়ান ৰিজাৰ্ভ (ডিম্বাণুৰ সংখ্যা), প্ৰজননৰ ইতিহাস, বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা আৰু ইতিমধ্যে গ্ৰহণ কৰি থকা ঔষধ বা উপকৰণসমূহৰ কথা বিবেচনা কৰে। এই সবিশেষ তথ্যসমূহে ডিম্বাণু বৃদ্ধিৰ পৰিকল্পনা প্ৰস্তুত, স্বাস্থ্যজনিত সমস্যাসমূহ নিয়ন্ত্ৰণ কৰা আৰু ডিম্বাণু আহৰণৰ দৰে প্ৰক্ৰিয়াসমূহ সুৰক্ষিতভাৱে কৰাত সহায় কৰে।
গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ ফাৰ্টিলিটি স্পেচিয়েলিষ্ট ডাঃ কল্পনা জৈনে কয় যে বেজী দিয়া আৰম্ভ হোৱাৰ পিছত নহয়, বৰঞ্চ আইভিএফ-ৰ পূৰ্বৱৰ্তী পৰীক্ষা-নিৰীক্ষাৰ সময়তেই ঔষধৰ পৰ্যালোচনা কৰাটো জৰুৰী।
ঔষধৰ ইতিহাসত কি কি অন্তৰ্ভুক্ত হ’ব লাগে?
নিয়মিত বা মাজে-সময়ে গ্ৰহণ কৰা প্ৰতিটো বস্তু-দিশৰ বিষয়েই ফাৰ্টিলিটি স্পেচিয়েলিষ্টজনক জনাব লাগে, যাৰ ভিতৰত আছে:
- প্ৰেচক্ৰিপচনৰ ঔষধ: থাইৰয়ডৰ সমস্যা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ছিজাৰ (মূৰ্ছা যোৱা ৰোগ) আৰু অন্যান্য দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ বাবে খোৱা ঔষধ।
- অভাৰ-দা-কাউণ্টাৰ (অ’টিচি) ঔষধ: চিকিৎসকৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ কিনা বিষনাশক ঔষধ, এলাৰ্জিৰ ঔষধ আৰু ঠাণ্ডা লগা বা পেটৰ সমস্যাৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা ঔষধ।
- ভিটামিন আৰু পুষ্টিগত চাপ্লিমেণ্ট: আইৰণ, ভিটামিন ডি, মাল্টিভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু গৰ্ভধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে বজাৰত উপলব্ধ সামগ্ৰীসমূহ।
- হাৰ্বেল আৰু পৰম্পৰাগত ঔষধ: প্ৰাকৃতিক বুলি কোৱা বা বহু দিনৰ পৰা ব্যৱহাৰ কৰি অহা বনৌষধিৰ প্ৰস্তুতিসমূহ।
- হৰমনযুক্ত ঔষধ বা চাপ্লিমেণ্ট: আইভিএফ চিকিৎসাৰ বাদে অন্য কোনো সমস্যাৰ বাবে গ্ৰহণ কৰি থকা হৰমনৰ চিকিৎসা।
ঔষধটোৰ নামৰ লগতে ইয়াৰ পৰিমাণ আৰু কিমানবাৰকৈ খোৱা হয়, সেইটোও সমানেই গুৰুত্বপূৰ্ণ।
আপোনাৰ ঔষধৰ ইতিহাস জনাটো কিয় গুৰুত্বপূৰ্ণ?
আইভিএফ-ৰ প্ৰক্ৰিয়াত একাধিক ফলিকল (ডিম্বাণু ধাৰণ কৰা মোনা) বিকশিত কৰিবলৈ অতি সাৱধানে হৰমনৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰা হয়। কিছুমান ঔষধে এই হৰমনৰ সৈতে বিক্ৰিয়া কৰিব পাৰে, ডিম্বাশয়ৰ সঁহাৰিত প্ৰভাৱ পেলাব পাৰে বা ডিম্বাণু আহৰণ আৰু এনাস্থেচিয়া(অজ্ঞান কৰা প্ৰক্ৰিয়া)ৰ সময়ত জটিলতাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ অৰ্থ এইটো নহয় যে সকলো নিয়মীয়া ঔষধ বন্ধ কৰিব লাগিব। দৰাচলতে, কিছুমান ঔষধ হঠাতে বন্ধ কৰি দিলে উপকাৰতকৈ অপকাৰহে বেছি হ’ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনাৰ প্ৰজনন বিশেষজ্ঞজনে জানিব লাগে যে আপুনি কি খাই আছে, যাতে প্ৰয়োজন হ’লে চিকিৎসাৰ পৰিকল্পনাটো সুৰক্ষিতভাৱে সলনি কৰিব পৰা যায়।
আইভিএফ-ৰ পূৰ্বে সম্পূৰ্ণ উপযুক্ত হৈ থকা এটা ঔষধো আইভিএফ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন হ’ব পাৰে। একেটা কথাই আন আন উপকৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য, বিশেষকৈ যেতিয়া কেইবাটাও সামগ্ৰী একেলগে খোৱা হয়।
চাপ্লিমেণ্টসমূহকো সমানেই গুৰুত্ব দিয়া উচিত
চিকিৎসকৰ নিদানপত্ৰ অবিহনেই উপলব্ধ হোৱাৰ বাবে চাপ্লিমেণ্টসমূহক প্ৰায়ে আওকাণ কৰা হয়। কিন্তু, কেইবাটাও সামগ্ৰী একেলগে মিলাই খালে একেধৰণৰ উপাদানৰ পৰিমাণ বা বাৰে বাৰে একেটা উপাদানেই শৰীৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত অপ্ৰয়োজনীয়ভাৱে শৰীৰত ইয়াৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আনহাতে কিছুমান হাৰ্বেল বা বনৌষধি সামগ্ৰীত এনে কিছুমান সক্ৰিয় উপাদান থাকিব পাৰে যাৰ বাবে বন্ধ্যাত্ব বা প্ৰজননকেন্দ্ৰিক চিকিৎসাৰ পূৰ্বে পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন হয়। গতিকে, ইণ্টাৰনেটত বা আন কোনো ৰোগীয়ে পৰামৰ্শ দিয়া চাপ্লিমেণ্ট এটা আইভিএফ চাইকেলত নিজে নিজে যোগ কৰা অনুচিত।
প্ৰথমবাৰ চিকিৎসকৰ ওচৰলৈ যাওঁতে ৰোগীয়ে কি কি লগত নিব লাগে??
ঔষধৰ এখন লিখিত তালিকা, শেহতীয়া প্ৰেচক্ৰিপচন বা ঔষধৰ বটল/পেকেটৰ ফটো লগত লৈ গ’লে ডাক্তৰৰ বাবে পৰ্যালোচনা কৰাটো যথেষ্ট সহজ হৈ পৰে। ইয়াত ঔষধৰ পৰিমাণ, দিনটোত কেইবাৰকৈ খোৱা হয় আৰু কোনজন চিকিৎসকে এই ঔষধ দিছিল, সেয়া উল্লেখ কৰিব লাগে।
আইভিএফ আৰম্ভ হোৱাৰ পূৰ্বে ঔষধৰ সম্পূৰ্ণ ইতিহাসে চিকিৎসা গোটটোক ৰোগীগৰাকীৰ সামগ্ৰিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ আভাস প্ৰদান কৰে। সোনকালে এই পৰ্যালোচনা কৰিলে ডিম্বাণু বৃদ্ধিৰ পৰিকল্পনা, অন্যান্য প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যজনিত সমস্যাসমূহক একেলগে এক সুপৰিকল্পিত চিকিৎসা কৌশলৰ অংশ হিচাপে প্ৰস্তুত কৰাত সহায় হয়।
