মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত অভিযান চলাই চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা দলে । অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।
জানিব পৰা মতে, দেওবাৰে চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা যুটীয়া দলে ইম্ফল পশ্চিম জিলাৰ ছাজিৰক অভিযান চলায় এটা চিএমডি, পাঁচটা ৯ মিমি পিষ্টল, এটা পিএডি আৰু আঠটা ছিংগল বেৰেল গান উদ্ধাৰ কৰে । ইয়াৰ উপৰি অভিযানকাৰী দলটোৱে এটা হেণ্ড গ্ৰেনেড, ৪৬ জাঁই বিভিন্ন ধৰণৰ সজীৱ গুলী, ছটা টিএছএম আৰু এটা ৱায়াৰলেছ হেণ্ডছেট উদ্ধাৰ কৰে ।গ্ৰেপ্তাৰ কৰা দুই লোকৰ পৰা অভিযানকাৰী দলটোৱে ২.৩ কিলোগ্ৰাম ওজনৰ ১০টা পেকেট নিচাজাতীয় সামগ্ৰীসহ AS01DT-7707 নম্বৰৰ এখন ব’লেৰ’ বাহন আৰু ৫,০০০ টকা নগদ ধন জব্দ কৰে । আনহাতে শনিবাৰে বিষ্ণুপুৰত আৰপিএফৰ /পিএলএৰ এজন সক্ৰিয় সদস্য ফইজিং মাখা লেইকাইৰ কংগবাম এলবাৰ্ট মেইটেই ওৰফে আমুবা গ্ৰেপ্তাৰ কৰে ।১৯ ছেপ্টেম্বৰত সেনাপতি আৰক্ষী, চিআৰপিএফ আৰু অসম ৰাইফলছৰ এটা যুটীয়া দলে চলোৱা অভিযানত অসমৰ গোৱালপাৰা জিলাৰ দুজন লোকক নিষিদ্ধ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা লোক দুজনক দৰিদুৰিৰ ৰহিম আলী (২৩) আৰু বাগুৱানৰ আনোৱাৰ হুছেইন লস্কৰ (৪৮) বুলি চিনাক্ত কৰা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *