হিংসাৰ ফলত মণিপুৰৰ ১,২০০ কোটি টকাৰ জিএছটি ৰাজহ ক্ষতি: মুখ্যমন্ত্ৰী য়ুমনাম খেমেচান্দ সিং

২০২৩ চনৰ পৰা অব্যাহত থকা দীৰ্ঘদিনীয়া গোষ্ঠীগত সংঘাটৰ বাবে মণিপুৰ ৰাজ্যই নিজৰ সামগ্ৰী আৰু সেৱা কৰ ৰাজহৰ শ্বেয়াৰত অন্ততঃ ১,২০০ কোটি টকাৰ বৃহৎ লোকচান ভৰিবলগীয়া হৈছে। বুধবাৰে ইম্ফলত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যসূচীত বক্তব্য ৰাখি মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমেচান্দ সিঙে এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৩ চনৰ পৰা ২০২৬ চনৰ এই সময়ছোৱাত কৰ ৰাজহ সংগ্ৰহ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতিৰ ওপৰত তীব্ৰ আৰ্থিক হেঁচা পৰিছে।উল্লেখ্য যে, ২০২৩ চনৰ ৩ মে’ৰ পৰা কুকি-জো আৰু মেইতেই সম্প্রদায়ৰ মাজত এই জাতিগত সংঘাতৰ সূত্ৰপাত হৈছিল।

পৰৱৰ্তী সময়ত ফ্ৰেব্ৰুৱাৰী মাহত এই সংঘাতে এক নতুন মোৰ লয় আৰু কুকি-জো সম্প্ৰদায়ৰ সৈতে নাগা সম্প্ৰদায়ৰ সংঘাত আৰম্ভ হয়। এই দীৰ্ঘদিনীয়া অস্থিৰতাই ৰাজ্যখনৰ ব্যৱসায়-বাণিজ্য আৰু ৰাজহ সংগ্ৰহত গুৰুতৰ প্ৰভাৱ পেলাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *