জাপানৰ এথন’গ্ৰাফিক (নৃতাত্ত্বিক) ফটোগ্ৰাফাৰ য়ুজো মৰিট’ৱে নাগালেণ্ডত বহুলভাৱে ভ্ৰমণ কৰাৰ প্ৰায় পাঁচ দশকৰ পাছত, ১৯৭৯ চনৰ তেওঁৰ ফটোগ্ৰাফীৰ সংগ্ৰহ কোহিমাত অনুষ্ঠিত চাৰিওদিনীয়া প্ৰদৰ্শনীৰ জৰিয়তে পুনৰ দৰ্শনাৰ্থীৰ মাজলৈ অনা হৈছে।
মৰিট’ৱে নিজৰ কেমেৰাত বন্দী কৰা সেই সময়ৰ মানুহ, প্ৰাকৃতিক সৌন্দৰ্য, পৰম্পৰা আৰু দৈনন্দিন জীৱনৰ ছবিসমূহ ৰাজ্যখনত জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছে।
কলা আৰু সংস্কৃতি সঞ্চালকালয়ৰ ৰাজ্যিক সংগ্ৰহালয়ত উদ্বোধন কৰা চাৰিওদিনীয়া প্ৰদৰ্শনী “টাইম ট্ৰেভেল টু নাগালেণ্ড, ১৯৭৯: এ জাপানীজ ফটোগ্ৰাফাৰ্ছ ৰেকৰ্ড অৱ লাইফ এণ্ড ট্ৰেডিচন” (Time Travel to Nagaland, 1979: A Japanese Photographer’s Record of Life and Tradition)-ত মৰিট’ৰ ১৯৭৯ চনৰ ভ্ৰমণৰ বিৰল ফটোগ্ৰাফসমূহ প্ৰদৰ্শন কৰা হৈছে।
এই ছবিসমূহে কেৱল নাগালেণ্ডৰ অতীতৰ এক আভাসেই নিদিয়ে, বৰঞ্চ ৰাজ্যখনৰ ইতিহাসৰ এটা বিশেষ সময়ৰ সম্প্ৰদায় আৰু পৰম্পৰাৰ এক দৃশ্যমান দলিলো প্ৰদান কৰে। ইয়াৰ জৰিয়তে নজৰ প্ৰজন্মই জীৱনৰ সেই দিশসমূহৰ সৈতে পৰিচিত হ’ব পাৰিছে, যিবোৰ তেতিয়াৰ পৰা সলনি হৈছে, বিকাশ লাভ কৰিছে বা অক্ষুণ্ণ হৈ ৰৈছে।
প্ৰদৰ্শনখনে সেই সংগ্ৰহৰ পৰাই অনুপ্ৰাণিত হৈ নাগালেণ্ডৰ এনে এক সময়ৰ আভাস দিয়ে, যি সময়ত সমাজ জীৱন আৰু সাংস্কৃতিক আচাৰ-অনুষ্ঠানৰ বহু দিশ এজন বাহ্যিক ব্যক্তিৰ দৃষ্টিৰে লিপিবদ্ধ কৰা হৈছিল।
ইফালে, প্ৰদৰশনীখনৰ লগতে ঐতিহ্যগত প’লিফ’নিৰ সংগীত আৰু সামাজিক দিশ, চক্ৰী লি (Chokri Li) থলুৱা জ্ঞান ব্যৱস্থা, আৰু বস্তুগত সংস্কৃতি সংৰক্ষণৰ জৰিয়তে সাংস্কৃতিক হস্তান্তৰকৰণ বিষয়ক বক্তৃতাৰো ব্যৱস্থা কৰা হৈছে।
জাপানী ফটোগ্ৰাফাৰ য়ুজো মৰিট’ৱে বন্দী কৰা নাগালেণ্ডৰ অতীতৰ সোঁৱৰণী
