নকল নোটৰ পিছত এতিয়া নকল মুদ্ৰাৰ বৃহৎ জালিয়াতি! উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত ৫ অভিযুক্ত

জাল নোটৰ কাৰবাৰৰ পিছত এইবাৰ বজাৰত উন্মোচিত হ’ল নকল মুদ্ৰাৰ এক ভয়ংকৰ বেহা। কোটি কোটি টকাৰ নকল মুদ্ৰা প্ৰস্তুত কৰি চলাই থকা এটা আন্তঃৰাজ্যিক চক্ৰক অভিযান চলাই কৰায়ত্ত কৰে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ নগৰ কোতোৱালী আৰক্ষী, বিশেষ অভিযানকাৰী গোট আৰু নিৰীক্ষণ শাখাৰ যৌথ অভিযানত এই চক্ৰটোৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। অভিযানকাৰী দলে অভিযুক্তসকলৰ জিম্মাৰ পৰা নগদ ১.২৮ লাখ টকাৰ নকল মুদ্ৰা, পাঁচ লাখ টকাৰ অৰ্ধনিৰ্মিত মুদ্ৰা, ছয়টাকৈ মুদ্ৰা নিৰ্মাণৰ যন্ত্ৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰে।

দেওবাৰে উত্তৰ প্ৰদেশৰ জুবিলী পাৰ্কৰ সমীপত জাল পেলাই আৰক্ষীয়ে আটক কৰে চক্ৰটোৰ মূল অভিযুক্ত উপকাৰ লুথৰা ওৰফে অভয় প্ৰতাপ সিং, হিমাংশু ওৰফে গুল্লু, কুলদীপ, সন্তোষ চৌৰাচিয়া ওৰফে জনাৰ্দন আৰু অনুৰাগ পাল ওৰফে লংকেশক। জেৰাৰ সময়ত অভিযুক্তসকলে ২০ টকীয়া নকল মুদ্ৰা প্ৰস্তুত কৰি মূলতঃ স্থানীয় বজাৰ, সুৰাৰ বিপণি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাবোৰত চলাই অহাৰ কথা স্বীকাৰ কৰে।

অনুসন্ধানকাৰী দলৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই চক্ৰটোৱে ইতিপূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰত ৭০ কোটিতকৈ অধিক টকাৰ নকল মুদ্ৰা বিলাই দিছে।

আৰক্ষীৰ অনুসন্ধানত স্পষ্ট হোৱা মতে, হাৰিয়ানাৰ সোণিপতত এটা সুকীয়া কাৰখানা স্থাপন কৰি এই নকল মুদ্ৰা নিৰ্মাণ কৰা হৈছিল। তাৰ পৰাই পঞ্জাবৰ পৰা বিহাৰলৈকে বিভিন্ন ৰাজ্যৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে এই জাল মুদ্ৰাসমূহ সৰবৰাহ কৰা হৈছিল।

জিলা আৰক্ষী অধীক্ষক অভিনন্দন সিঙে সংবাদমেলত কয় যে বিগত কিছুদিন ধৰি বজাৰত এনে নকল মুদ্ৰা চলি থকাৰ তথ্য লাভ কৰাৰ পিছতেই আৰক্ষীয়ে এই অভিযান চলাইছিল। ধৃত অভিযুক্তসকলৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি এই নেটৱৰ্কৰ আন সহযোগীসকলক চিনাক্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *