বিশ্বজুৰি এশিঙীয়া গঁড়ৰ সংখ্যা ৪,০৭৫টালৈ বৃদ্ধি; সংৰক্ষণৰ সফলতাত অসমৰ বিশেষ ভূমিকা

বিলুপ্তিৰ সংকটৰ পৰা প্ৰকৃতিৰ বুকুলৈ উভতি আহিছে বিশ্ববিখ্যাত এশিঙীয়া গঁড়। বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত বিশ্বজুৰি এই প্ৰজাতিৰ গঁড়ৰ আনুমানিক জনসংখ্যা বৃদ্ধি পাইছে ৪,০৭৫টালৈ। কুৰি শতিকাৰ আৰম্ভণিতে এশটাতকৈও কম হোৱা এই আপুৰুগীয়া জীৱবিধৰ এনে লক্ষণীয় বৃদ্ধি বন্যপ্ৰাণী ইতিহাসত এক ঐতিহাসিক সফলতা হিচাপে পৰিগণিত হৈছে।

শেহতীয়া পৰিসংখ্যা অনুসৰি, সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক ৩,৩২৩টা গঁড় ভাৰতত থকাৰ বিপৰীতে চুবুৰীয়া নেপালত আছে প্ৰায় ৭৫২টা। এই সংৰক্ষণ যাত্ৰাত অসমে মুখ্য ভূমিকা পালন কৰিছে। বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ প্ৰায় ৮০ শতাংশই অসমত বাস কৰে। অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই আছে ২,৬০০তকৈ অধিক গঁড়। ইয়াৰ উপৰিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৪০ৰ পৰা ৫০টা গঁড় বাস কৰে।

চোৰাং চিকাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো অসমে এক উল্লেখনীয় সফলতা অৰ্জন কৰিছে। ১৯৭০ দশকৰ পিছত দ্বিতীয়বাৰৰ বাবে ২০২৫ বৰ্ষত ৰাজ্যখনত এটা এশিঙীয়া গঁড়ো চোৰাং চিকাৰীৰ বলি নহ’ল। বন বিভাগৰ কঠোৰ নিৰীক্ষণ, পহৰা ব্যৱস্থা আৰু স্থানীয় ৰাইজৰ সহযোগিতাই এনে সফলতা সম্ভৱ কৰি তোলে। অসমৰ পৰ্যটন আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই আপুৰুগীয়া সম্পদৰ বাসস্থান সুৰক্ষিত ৰখাৰ বাবে বন কৰ্তৃপক্ষই বিশেষ অগ্ৰাধিকাৰ দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *