চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; তিনিচুকীয়াত ১১ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

ডিজিটেল প্ৰযুক্তিৰ অপব্যৱহাৰেৰে সাধাৰণ জনতাক প্ৰতাৰণা কৰা এক বৃহৎ চক্ৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ তীব্ৰ অভিযান। তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত শুক্ৰবাৰে একেসময়তে তালাচী চলাই ১১ জন সন্দেহযুক্ত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কেইবাদিনো ধৰি চলোৱা গোপন নিৰীক্ষণ আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ এটি দলে এই অভিযান চলায়।

ধৃত ব্যক্তিসকল বিভিন্ন ধৰণৰ অনলাইন আৰ্থিক প্ৰতাৰণা আৰু জালিয়াতিৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ভুৱা ছচিয়েল মিডিয়া একাউণ্ট খোলা, অ’টিপি চুৰি কৰি আনৰ বেংক একাউণ্টত প্ৰৱেশ কৰা আৰু ডিজিটেল বেংকিং মাধ্যমৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই চক্ৰটোৰ বিৰুদ্ধে।

অভিযানৰ সময়ত অভিযুক্তসকলৰ পৰা জব্দ হোৱা মোবাইল ফোন, বেংকৰ যাৱতীয় নথি আৰু অন্যান্য ইলেকট্ৰনিক সঁজুলিসমূহ পৰীক্ষাৰ বাবে তদন্তকাৰী বিষয়াসকলে নিজৰ জিম্মাত লয়। এই লোকসকল কোনো বৃহৎ চাইবাৰ নেটৱৰ্কৰ সৈতে সংলগ্ন হৈ আছে নেকি, সেই দিশটো নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে যাৱতীয় তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *