টিভিএছ ভেনুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ আগষ্ট মাহত ৬,১৬,৫৪০খন বাহনৰ মাহেকীয়া বিক্ৰীৰে বছৰেকীয়া ভিত্তিত ২১% বৃদ্ধিৰ কথা সদৰি কৰিছে, যাৰ তুলনাত যোৱা বছৰৰ একে মাহত ৫,০৯,৫৩৬খন বাহন বিক্ৰী হৈছিল।
দুচকীয়া বাহনৰ বিক্ৰী ২০২৫ চনৰ আগষ্ট মাহৰ ৪,৯০,৭৮৮খন বাহনৰ পৰা ২১% বৃদ্ধি পাই ৫,৯১,৪৩৭খন বাহন হৈছে। ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰী ৩,৬৮,৮৬২খন বাহনৰ পৰা ১৮% বৃদ্ধি পাই ৪,৩৩,৭৯৬খন বাহন হৈছে, যাৰ দ্বাৰা কোম্পানীটোৰ ঘৰুৱা বজাৰত ধাৰাবাহিক চাহিদাৰ দিশটো প্ৰতিফলিত কৰিছে।
কোম্পানীটোৰ বৈদ্যুতিক বাহন খণ্ডই আটাইতকৈ তীব্ৰ অগ্ৰগতি লাভ কৰিছে, য’ত দুচকীয়া ইভি বাহনৰ বিক্ৰী ২০২৬ চনৰ আগষ্ট মাহত বছৰেকীয়া ভিত্তিত ১৩৭% বৃদ্ধি পাই ৫৯,৪৫৩খন বাহন হৈছে, যি পূৰ্বৰ বছৰত ২৫,১৩৮খন বাহন আছিল।
টিভিএছ মটৰৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়েও শক্তিশালী অগ্ৰগতি প্ৰদৰ্শন কৰিছে, য’ত মুঠ বিক্ৰী ২০২৫ চনৰ আগষ্ট মাহৰ ১,৩৫,৩৬৭খন বাহনৰ পৰা ২৯% বৃদ্ধি পাই ১,৭৪,৪৫২খন বাহন হৈছেগৈ। এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় দুচকীয়া বাহনৰ বিক্ৰী ১,২১,৯২৬খন বাহনৰ পৰা ২৯% বৃদ্ধি পাই ১,৫৭,৬৪১খন বাহন হৈছে।
কোম্পানীটোৰ তিনিচকীয়া বাহন খণ্ডই ৩৪% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যাৰ বিক্ৰী ২০২৫ চনৰ আগষ্ট মাহৰ ১৮,৭৪৮খন বাহনৰ পৰা বৃদ্ধি পাই ২০২৬ চনৰ আগষ্ট মাহত ২৫,১০৩খন বাহন হৈছেগৈ।
আগষ্ট মাহৰ এই প্ৰদৰ্শনে টিভিএছ মটৰৰ দুচকীয়া, বৈদ্যুতিক বাহন, আন্তঃৰাষ্ট্ৰীয় আৰু তিনিচকীয়া বাহনৰ ব্যৱসায়ত এক ব্যাপক ভিত্তিত হোৱা অগ্ৰগতি প্ৰতিপন্ন কৰিছে।
ইভি, ৰপ্তানি বৃদ্ধিয়ে বিকাশ তৰান্বিত কৰাৰ ফলত আগষ্টত টিভিএছ মটৰৰ বিক্ৰীত ২১% উত্থান
