ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণ হাসৰ প্ৰৱণতা সন্দৰ্ভত মহিলাসকলে গুৰুত্ব নিদিয়া দিশসমূহ

চিকিৎসাৰ অভিজ্ঞতা অনুসৰি, ডিম্বাশয়ৰ সঞ্চয় (অভাৰিয়ান ৰিজাৰ্ভ) হ্ৰাস পোৱাৰ সমস্যাটো প্ৰায়েই অপ্ৰত্যাশিতভাৱে ধৰা পৰে।” এগৰাকী মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হ’ব পাৰে, কোনো স্পষ্ট লক্ষণ নাথাকিব পাৰে, তথাপিও সন্তানহীনতাৰ চিকিৎসাৰ বাবে কৰা পৰীক্ষাত আশাতকৈ কম সঁহাৰি দেখা যাব পাৰে,” এই গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ বন্ধ্যাত্ব বা প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনৰ। ইয়াৰ কাৰণ হ’ল— দেহত থকা ডিম্বাণুৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰক্ৰিয়াটো অতি নীৰৱে ঘটে আৰু ই সকলো মহিলাৰ ক্ষেত্ৰত একে নহয়।

ডিম্বাশয়ৰ সঞ্চয় কোনো নিৰ্দিষ্ট সময়সূচী অনুসৰি হ্ৰাস বা কম নহয়

মহিলাৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হৈছে বয়স। কিন্তু একে বয়সৰে দুগৰাকী মহিলাৰ ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণ বেলেগ বেলেগ হব পাৰে। এই হ্ৰাস পোৱাৰ প্ৰক্ৰিয়াটো কোনো এটা নিৰ্দিষ্ট জন্মদিনৰ পৰা হঠাতে আৰম্ভ নহয়, বৰঞ্চ ই ধীৰে ধীৰে আৰু ব্যক্তিভেদে পৃথক হয়।

ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণত প্ৰভাৱ পেলাব পৰা কাৰকসমূহৰ ভিতৰত আছে:

  • পৰিয়ালত সোনকালে মেনপজ(ঋতুস্ৰাৱ বন্ধ) হোৱাৰ ইতিহাস
  • এণ্ডোমেট্ৰিঅ’চিচ বা ডিম্বাশয়ৰ অন্যান্য সমস্যা
  • ডিম্বাশয়ৰ সৈতে সম্পৰ্কিত পূৰ্বৰ কোনো অস্ত্ৰোপচাৰ
  • কেম’থেৰাপী বা ৰেডিয়েচন চিকিৎসা
  • ধূমপান আৰু কিছুমান জিনীয় বা চিকিৎসা সম্পৰ্কীয় কাৰণ

এই কাৰকবোৰে প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰত একে ধৰণে প্ৰভাৱ পেলাব নোৱাৰে। তথাপিও এনে কাৰণ থাকিলে এগৰাকী বন্ধ্যাত্ব বিশেষজ্ঞৰ সৈতে সোনকালে আলোচনা কৰাটো প্ৰয়োজনীয়।

এএমএইছ আৰু এএফচি-এ কি প্ৰকাশ কৰিব পাৰে?

এএমএইছ হৈছে এক তেজৰ পৰীক্ষা, যাৰ জৰিয়তে দেহত অৱশিষ্ট থকা ফলিকলৰ সংখ্যা অনুমান কৰিব পাৰি।

এএফচি-এ সাধাৰণতে ঋতুচক্ৰৰ আৰম্ভণিতে কৰা আলট্ৰাচাউণ্ডৰ জৰিয়তে ডিম্বাশয়ত দেখা পোৱা সৰু সৰু কণিকা বা ৰূপবোৰ গণনা বা পৰিমাপ কৰা হয়।

বৰ্তমান সময়ত ডিম্বাশয়ৰ সঞ্চয় পৰীক্ষা কৰাৰ বাবে এএমএইছ আৰু এএফচি আটাইতকৈ নিৰ্ভৰযোগ্য মাধ্যম। বিশেষকৈ আইভিএফ বা ডিম্বাণু সংৰক্ষণ (এগ ফ্ৰিজিং) প্ৰক্ৰিয়াৰ সময়ত ডিম্বাশয় কেনেকৈ উদ্দীপিত হ’ব পাৰে, সেই বিষয়ে অনুমান কৰিবলৈ এই পৰীক্ষাবোৰ কৰা হয়।

এই পৰীক্ষাবোৰে কি অনুমান কৰিব নোৱাৰে?

এএমএইছ আৰু এএফচি-এ কেৱল ডিম্বাণুৰ পৰিমাণ বা সংখ্যাটোহে সূচায়, ডিম্বাণুৰ গুণগত মান নহয়। এগৰাকী মহিলাই প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব পাৰিবনে নাই বা গৰ্ভধাৰণৰ সময় কিমান দিনলৈ পিছুৱাই ৰাখিব পাৰে, এই পৰীক্ষাবোৰে তাৰ সঠিক ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। প্ৰজনন সম্ভাৱনাৰ ক্ষেত্ৰত কেৱল এই পৰীক্ষাসমূহৰ ফলাফলতকৈ বয়সহে সদায় অধিক শক্তিশালী কাৰক।

এএমএইছ হ্ৰাস বা কম ওলোৱা মানেই গৰ্ভধাৰণ অসম্ভৱ তেনে নহয়, ঠিক যেনেকৈ স্বাভাৱিক ফলাফল ওলালেই যে সহজে গৰ্ভধাৰণ হ’ব তাৰো কোনো নিশ্চিতি নাই।

সোনকালে জনা বা অৱগত হোৱাটো কিয় প্ৰয়োজনীয়?

ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণৰ বিষয়ে আগতীয়াকৈ বুজি উঠিলে পৰিয়াল পৰিকল্পনা, সন্তানহীনতাৰ চিকিৎসা বা ডিম্বাণু সংৰক্ষণৰ দৰে বিষয়বোৰত সঠিক সিদ্ধান্ত লোৱাত সহায় হয়। অৱশ্যে, এই পৰীক্ষাবোৰক কেৱল এটা একক স্কৰ বা দিশ হিচাপে নাচাই বয়স, মাহেকীয়া হোৱাৰ পূৰ্ব ইতিহাস, শাৰীৰিক সমস্যা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ সৈতে মিলাইহে বিশ্লেষণ কৰা উচিত। এই মূল্যায়নৰ উদ্দেশ্য কোনো দুশ্চিন্তা বা নিশ্চিতি সৃষ্টি কৰা নহয়, বৰঞ্চ সময় থাকোঁতেই হাতত থকা বিকল্পসমূহৰ বিষয়ে সঠিক ধাৰণা দিয়াটোহে।

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত দেখা যায় যে বহু মহিলাই গৰ্ভধাৰণত দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হোৱাৰ পিছতহে বন্ধ্যাত্বৰ পৰীক্ষা কৰিবলৈ আহে। ডিম্বাশয়ৰ সঞ্চয় বা সংৰক্ষণৰ বিষয়ে আগতীয়াকৈ সজাগ হলে সন্তান জন্মদানৰ ক্ষেত্ৰত অধিক উন্নত বিকল্প বাছি লোৱাৰ সুযোগ পোৱা যায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *