নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীন অসমৰ যুৱক! শোকাচ্ছন্ন পৰিয়ালৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ কাতৰ আহ্বান

পিতৃশোকৰ চকুলো শুকাবলৈ নৌপাওঁতেই পৰিয়ালটোলৈ নামি আহিল আন এক চৰম দুৰ্বিপাক। সংসাৰৰ দায়িত্ব কান্ধত লৈ ঘৰৰ পৰা কৰ্মক্ষেত্ৰলৈ উভতি যোৱা সন্তানটিৰ কোনো শুংসূত্ৰ নোপোৱাত হাহাকাৰ লাগিছে এটি পৰিয়ালত। চুবুৰীয়া নেপালত ভয়ংকৰ বান পৰিস্থিতিৰ মাজত সন্ধানহীন হৈ পৰিছে ৰাহুল দৈমাৰী নামৰ এগৰাকী অসম সন্তান। মেৰাপানীৰ জয়পুখুৰী গাঁৱৰ এই যুৱকজন মধ্য নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী খোলা অঞ্চলত বিধ্বংসী বানে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে।

কৰ্মসূত্ৰে এণ্ড্ৰেক্স নামৰ এটা পাইপলাইন প্ৰতিষ্ঠানত নিয়োজিত হৈ আছিল ৰাহুল। ইয়াৰ পূৰ্বে ভূটানত কৰ্মৰত যুৱকজনক শেহতীয়াকৈ স্থানান্তৰ কৰা হৈছিল নেপাললৈ। দুৰ্ভাগ্যজনকভাৱে, কিছুদিন পূৰ্বে পিতৃৰ বিয়োগ ঘটিছিল আৰু সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰি যোৱা ১৪ আগষ্টতহে তেওঁ কৰ্মথলীলৈ ৰাওনা হৈছিল। ইয়াৰ মাজতে অসম চৰকাৰে প্ৰকাশ কৰা সন্ধানহীন লোকৰ তালিকাত যুৱকজনৰ নাম দেখি দিশহাৰা হৈ পৰিছে সমগ্ৰ পৰিয়ালটো।

ইফালে, যুৱকজনৰ সন্দৰ্ভত কৰ্মৰত প্ৰতিষ্ঠান বা নেপাল প্ৰশাসনে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই। এনে পৰিস্থিতিত চৰম উৎকণ্ঠাৰ মাজত দিন কটোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাহুলক বিচাৰি উলিয়াবলৈ আৰু তেওঁৰ নিৰাপদ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিবলৈ অসম চৰকাৰক কাতৰ অনুৰোধ জনাইছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *