গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মাছৰ খাদ্য ব্যৱসায়ৰ প্ৰতি থকা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছে আৰু ভাৰতৰ অন্যতম আগশাৰীৰ মাছৰ খাদ্য উৎপাদক হোৱাৰ উদ্দেশ্যে এক প্ৰগতিশালী বৃদ্ধিৰ ৰণনীতিৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰণনীতিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে নিজৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰণ কৰাৰ লগতে মীন পালকসকলক উন্নত মানৰ খাদ্যৰ সেৱা যোগান ধৰিবলৈ উদ্ভাৱন আৰু গৱেষণা তথা বিকাশ তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও, কৃষকসকলক উৎপাদন ব্যয় হ্ৰাস কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষি খণ্ডৰ লাভদায়কতা বৃদ্ধি কৰাত সহায় কৰিবলৈ ফিড কনভাৰচন ৰেচিঅ’ উন্নত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব।
পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল কাটাৰিয়াই এই বিষয়ে কয় যে মাছৰ খাদ্য গড্ৰেজ এগ্ৰ’ভেটৰ বাবে এক কৌশলগত অগ্ৰাধিকাৰ আৰু কোম্পানীটোৱে বিনিয়োগ আৰু বৰ্ধিত উদ্ভাৱন তথা গৱেষণা আৰু বিকাশৰ প্ৰচেষ্টাৰ সমৰ্থনত এই খণ্ডটোত দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কোম্পানীটোৱে বিতৰক নেটৱৰ্কৰ সৈতেও সংযোগ শক্তিশালী কৰি তুলিছে আৰু শেহতীয়াকৈ সহযোগিতা, দক্ষতা আৰু সেৱা প্ৰদান ব্যৱস্থা উন্নত কৰাৰ বাবে দৃষ্টিকোণ এপৰ এটা উন্নত সংস্কৰণ মুকলি কৰিছে।
এনিমেল নিউট্ৰিচন ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া কেপ্টেইন এ.ৱাই. ৰাজেন্দ্ৰই কয় যে, কোম্পানীটোৰ ব্যৱসায়িক বৃদ্ধিৰ ৰণনীতি গুণগত মানদণ্ড, সেৱা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হ’ব, য’ত কৃষক, বিতৰক অংশীদাৰ আৰু ব্যৱসায়টোৰ বাবে দীৰ্ঘম্যাদী লাভালাভ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। গড্ৰেজ এগ্ৰ’ভেটে কয় যে মীন পালন খণ্ডত উল্লেখনীয় বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পাইছে আৰু দায়বদ্ধ তথা বহনক্ষমভাৱে এই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
