গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ পৰম হিতৈষীসকলক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ধামৰ নামনিত থকা শ্ৰী শ্ৰী গণেশ মন্দিৰ প্ৰাংগনত থকা সভাগৃহত এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা , প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাকে ধৰি লংকেশ্বৰ ধামৰ উন্নয়নত সহযোগিতা আগবঢ়োৱা আৰু বাবে বিশেষ ভাবে সেৱা আগবঢ়াই অহা ব্যক্তি সকলক গামোছা আৰু শৰাইৰে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।
আনহাতে ধাম পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনতেই লংকেশ্বৰ ধামৰ মাহাত্ম্যৰ বিষয়ে অৱগত হোৱাৰ লগতে সেই সময়ত ধামত অনুষ্ঠিত মহা শিৱৰাত্ৰী পূজাত ভাগ লবলৈ অহা স্মৃতি ৰোমন্থন কৰে আৰু পৰৱৰ্তী সময়ত পশ্চিম গুৱাহাটীৰ বিধায়ক হিচাপে ছয় বছৰীয়া কাৰ্যকালত নিজৰ সাধ্যানুসাৰে চৰকাৰী – বেচৰকাৰীভাবে ধামৰ উন্নয়নত নিজকে জড়িত কৰিছিল বুলি ব্যক্ত কৰে। ইয়াৰ উপৰিও কলিতাই ধাম পৰিচালনা কমিটিয়ে প্ৰাক্তন হোৱাৰ পাছতো তেওঁক মাতি আনি সম্বৰ্ধনা জনোৱা কথাটোৰ শলাগ লৈ সমষ্টি পুনৰ গঠনৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত লংকেশ্বৰ ধাম অন্তৰ্ভুক্ত হোৱা বিষয়টোৱে উপযুক্ত ব্যক্তিৰ হাতত সমষ্টিটোৰ দায়িত্বভাৰ পৰা বুলি সদৰি কৰে।
অনুষ্ঠানত প্ৰাক্তন সাংসদ ডাঃ অৰুণ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত কয় যে পূৰ্বৰ অগপ চৰকাৰৰ আমোলত তেতিয়াৰ পশ্চিম গুৱাহাটীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অনুৰোধত প্ৰথমবাৰৰ বাবে ভক্ত – যাত্ৰীৰ সুবিধাৰ বাবে লংকেশ্বৰ ধাম চৌহদতে এটা অতিথিশালা নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা ধন আগবঢ়োৱা কথাটোৰ স্মৃতি ৰোমন্থন কৰি তাৰ দ্বাৰা ঐতিহাসিক ধামখনৰ উন্নয়নত কিঞ্চিত হলেও জড়িত হবলৈ পাই নিজকে সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে। আনহাতে তিনি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ধাম পৰিচালনা কমিটিৰ কাৰ্যকৰী সভাপতি দেৱেন চন্দ্ৰ দাস, সম্পাদক কমল কাকতিকে ধৰি কমিটিৰ প্ৰায়সকল কৰ্মকৰ্তা উপস্থিত আছিল।
