দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ ৫৩ হাজাৰ ৫০০ টকা নগদ ধনসহ দুজন যাত্ৰীক আটক কৰে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএছএফৰ এটা দলে।

বিমান বন্দৰৰ ‘ৰেণ্ডম এক্স-বিআইএছ’ ইউনিটত নিয়োজিত জোৱানসকলে এজন যাত্ৰীৰ অস্বাভাৱিক চাল-চলন প্ৰত্যক্ষ কৰি সন্দেহ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁৰ সৈতে থকা আন এজন সহযাত্ৰীকো চিনাক্ত কৰে নিৰাপত্তাৰক্ষীয়ে।

আটকাধীন যাত্ৰী দুগৰাকী বিমানযোগে গুৱাহাটী হৈ আগৰতলা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। বেগ পৰীক্ষাৰ অন্তত তেওঁলোকৰ পৰা ৬৮.৫৩ লাখ টকাৰ এই বিশাল ধনৰাশি উদ্ধাৰ হয়। নগদ ধনখিনিৰ কোনো বৈধ নথিপত্ৰ দাখিল কৰিব নোৱাৰাত জব্দকৃত ধন আৰু যাত্ৰাৰ প্ৰয়োজনীয় নথিসহ দুয়োগৰাকী ব্যক্তিক অধিক তদন্তৰ বাবে আয়কৰ বিভাগৰ হাতত চমজাই দিয়া হয়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *