শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। – বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত এই পোনপটীয়া প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে এই বিষয়টোৰ ওপৰত খনি আৰু ভূতত্ত্ব বিভাগৰ পৰা বাৰে বাৰে তথ্য বিচাৰিছে যদিও বিভাগটোৱে জিলাখনত তেনে কোনো অবৈধ খনন চলি থকা নাই বুলিয়েই নিশ্চিত কৰিছে। এনে অভিযোগৰ সত্যতা নিৰূপণৰ বাবে চৰকাৰ সদায় সাজু বুলি উল্লেখ কৰি প্ৰমাণ দাখিল হ’লে ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

একে সময়তে, নাগালেণ্ডত চলি থকা কয়লা খননৰ সৈতে শিৱসাগৰ জিলাৰ নাজিৰাৰ প্ৰসংগ সাঙুৰি বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই। একেদৰে মাৰ্ঘেৰিটাৰ কয়লা খননৰ বিষয়টোৰ সৈতে শিৱসাগৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই বুলিও তেওঁ স্পষ্ট কৰে। প্ৰকৃত পৰিস্থিতি আৰু খনন নোহোৱা অঞ্চলসমূহৰ মাজৰ পাৰ্থক্য বুজি ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে সঠিক তথ্য দাঙি ধৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *