প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে প্ৰ’শ্বিল্ড আৰু ভিপে ২.০ৰ জৰিয়তে মটৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ

পূৰ্বৰ বাজাজ এলিয়ান্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড, বৰ্তমানৰ বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে এটা পেকেজযুক্ত মটৰ বীমা সেৱা প্ৰ’শ্বিল্ড মুকলি কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে সংযোজিত বাহন আৰু ক্ৰমবৰ্ধমান গতিশীলতাৰ বিপদাশংকাসমূহক লক্ষ্য কৰি পৰৱৰ্তী প্ৰজন্মৰ মটৰ বীমা উপহাৰ ভিপে ২.০ মুকলি কৰিছে। প্ৰ’শ্বিল্ড-এ সামৰিক জীৱনৰ স্বকীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, যাৰ ভিতৰত সঘনাই হোৱা বদলি আৰু পোষ্টিঙৰ সময়ত বাহনৰ স্থানান্তৰকৰণ অন্যতম। এই সেৱাই বাহন স্থানান্তৰকৰণ সুৰক্ষা প্ৰদান কৰে, য’ত অনুজ্ঞাপত্ৰপ্ৰাপ্ত কেৰিয়াৰৰ জৰিয়তে পৰিবহন কৰা বাহনৰ বাবে পলিচী সম্প্ৰসাৰণ, যোগ্য ন’ ক্লেইম বোনাছ সুৰক্ষা, বাহন দুৰ্ঘটনাৰ পিছত বিলম্ব হোৱা বিমান আৰু হোটেলৰ খৰচৰ বাবে ভ্ৰমণ জৰুৰীকালীন সুবিধা আৰু বীমাকাৰী তথা পত্নী/গিৰীয়েকৰ হেৰাই যোৱা ড্ৰাইভিং লাইচেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ সলনি কৰাৰ বাবে সাহায্য আদি অন্তৰ্ভুক্ত আছে।

ইয়াৰ উপৰিও ই অগ্ৰাধিকাৰ ভিত্তিত দাবী সাহায্য আৰু ৭,৩০০তকৈও অধিক গেৰেজৰ সুবিধা প্ৰদান কৰে। লগতে কোনো ধৰণৰ মূল্য হ্ৰাস নোহোৱাকৈ সীমাহীন দাবী,  ডিডাক্টেবল ৰেহাই, পথৰ কাষৰ সাহায্য, টায়াৰ আৰু ৰিম কভাৰ, নিগনিৰ দ্বাৰা হোৱা ক্ষতি, টয়িং, ভৌগোলিক সম্প্ৰসাৰণ, ৰেলী আৰু এক্সেচৰিজ কভাৰ আদি আগবঢ়ায়। ভিপে ২.০-এ প্ৰাইম, ক্লাছিক আৰু এলিট ভেৰিয়েণ্টৰ জৰিয়তে এটা মটৰ বীমা সেৱাৰ অধীনতে বহুতো সুৰক্ষা বিকল্পক একত্ৰিত কৰে। ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত চাইবাৰকেন্দ্ৰিক ঘটনা আৰু ধন চুৰিৰ সুৰক্ষা, ভেজাল ইন্ধন, যান্ত্ৰিক আৰু বৈদ্যুতিক বিকলতাৰ সুৰক্ষা, স্মাৰ্ট ৰিপেয়াৰ, এডিএএছ পুনৰ কেলিব্ৰেচন, স্মাৰ্ট-চিষ্টেম পুনৰুদ্ধাৰ আৰু ট্ৰেকচন বেটাৰী সলনিৰ সুবিধাসহ বৈদ্যুতিক তথা হাইব্ৰীড বাহনৰ কভাৰেজ আদি অন্তৰ্ভুক্ত।

বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ড° তপন সিংঘেলে এই বিষয়ে কয় যে, এই দুয়োটা উপহাৰে বাহন তথা গতিশীলতাৰ পৰিৱৰ্তিত প্ৰকৃতি আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহক প্ৰতিফলিত কৰে। কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই বিকল্পসমূহৰ লক্ষ্য হৈছে মটৰ বীমাক পৰম্পৰাগত দুৰ্ঘটনা সুৰক্ষাৰ পৰিধিৰ উৰ্ধ্বলৈ গৈ সোৱা আগবঢ়োৱা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *