যি ৰামলীলা মৈদানত কিছুদিন পূৰ্বে ৰেলী অনুষ্ঠিত কৰিছিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই, এইবাৰ সেই মৈদানতে যজ্ঞ পাতি শুদ্ধিকৰণ কৰিলে এটা হিন্দু সংগঠনে। ৮ আগষ্টত উত্তৰাখণ্ডৰ হালদ্বানীৰ ৰামলীলা মৈদানত খাৰ্গেৰ ৰেলী অনুষ্ঠিত হোৱাৰ দুদিন পিছতে ১০ আগষ্টত শ্ৰী ৰাম সেনা ধৰ্মাৰ্থ সেৱা ন্যাসে শুদ্ধিকৰণ যজ্ঞ অনুষ্ঠিত কৰাক লৈ এতিয়া তীব্ৰতৰ হৈছে ৰাজনৈতিক বিতৰ্ক। এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজতো আৰম্ভ হৈছে অভিযোগ-প্ৰত্যাভিযোগ।
বুধবাৰে ৰাজ্যসভাত বিষয়টো উত্থাপন কৰে খাৰ্গেই। ৰাজ্যসভাত খাৰ্গেই কয় যে, ৰেলীৰ সময়ত তেওঁ কোনো ধৰ্ম বা সমাজৰ বিৰুদ্ধে মন্তব্য কৰা নাছিল আৰু ভাষণ দিয়াৰ পিছদিনাই মঞ্চত যজ্ঞ অনুষ্ঠিত কৰি শুদ্ধিকৰণ কৰা হৈছিল।
বিষয়টো সন্দৰ্ভত খাৰ্গেই কয় যে, নিজৰ অনুসূচিত জাতিৰ পৰিচয়ক তেওঁ কোনো বিষয় হিচাপে ব্যৱহাৰ নকৰে যদিও শুদ্ধিকৰণ যজ্ঞৰ জৰিয়তে তেওঁক অপমান কৰা হৈছে। ঘটনাটোৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ দাবীও জনায় কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে।
খাৰ্গেৰ বক্তব্যৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ঘটনাটোৰ নিন্দা কৰে। বিজেপিয়ে এনে কাৰ্যক সমৰ্থন নকৰে বুলি নাড্ডাই স্পষ্ট কৰি কয় যে, ঘটনাটোৰ তদন্ত কৰা হ’ব। নাড্ডাৰ বক্তব্যৰ প্ৰত্যুত্তৰত খাৰ্গেই কয় যে, তেওঁ নাড্ডাৰ বিৰুদ্ধে কোনো অভিযোগ কৰা নাই আৰু কেৱল ঘটনাটোৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ইফালে, শুদ্ধিকৰণ যজ্ঞ আয়োজন কৰা শ্ৰী ৰাম সেনা ধৰ্মাৰ্থ সেৱা ন্যাসে কংগ্ৰেছৰ অভিযোগ অস্বীকাৰ কৰিছে। সংগঠনটোৱে উল্লেখ কৰা অনুসৰি, খাৰ্গেৰ পূৰ্বৰ কিছুমান মন্তব্যক সনাতনবিৰোধী বুলি বিবেচনা কৰিয়েই ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে এই যজ্ঞ অনুষ্ঠিত কৰা হৈছে। কোনো জাতি বা সম্প্ৰদায়ক অপমান কৰাৰ উদ্দেশ্যে অনুষ্ঠানটো আয়োজন কৰা হোৱা নাছিল বুলি সংগঠনটোৱে দাবী কৰে।
অৱশ্যে সংগঠনটোৰ এই বক্তব্য মানি লোৱা নাই কংগ্ৰেছে। কংগ্ৰেছৰ অনুসূচিত জাতি মৰ্চাই ঘটনাটোক দলিতবিৰোধী মানসিকতাৰ প্ৰকাশ বুলি অভিযোগ কৰি হালদ্বানীৰ বুদ্ধ পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে বিজেপিৰ পৰা ঘটনাটোৰ ব্যাখ্যাও দাবী কৰে।
উত্তৰাখণ্ড কংগ্ৰেছৰ সভাপতি গণেশ গোদিয়ালেও ঘটনাটোক লৈ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ উল্লেখ কৰা অনুসৰি, খাৰ্গেৰ ভাষণৰ মঞ্চ শুদ্ধিকৰণৰ ঘটনাই জাতিগত বৈষম্যৰ মানসিকতা প্ৰকাশ কৰিছে। ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ বাবেও তেওঁ দাবী জনায়।
