প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত ২০২৬ চনৰ কমনৱেলথ গেমছৰ পদক বিজয়ী ক্ৰীড়াবিদসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। এই মতবিনিময় কাৰ্যসূচীত পদক বিজয়ীসকলে গেমছত অংশগ্ৰহণৰ নিজ নিজ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰত্যেকগৰাকী ক্ৰীড়াবিদে তেওঁলোকৰ ব্যতিক্ৰমী আৰু অসাধাৰণ ক্ৰীড়া শৈলীৰে দেশখনক গৌৰৱান্বিত কৰিছে।
তেওঁলোকৰ এই অভূতপূৰ্ব সাফল্যই দেশৰ বহু উদীয়মান তথা যুৱ ক্ৰীড়াবিদক অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি কয়, ‘যি খেলিব, সি জিলিকিব’ (জো খেলেগা, ৱহ খিলেগা), আৰু দেশবাসীক সদায় ভাৰতৰ হৈ জয়ধ্বনি কৰিবলৈ আহ্বান জনায়।এই বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডবিয়া আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছে উপস্থিত থাকে।
উল্লেখযোগ্য যে গ্লাছগোত যোৱা ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱা এই কমনৱেলথ গেমছত ভাৰতে পদক তালিকাত ৪ৰ্থ স্থান দখল কৰে। ভাৰতীয় ক্ৰীড়াবিদসকলে বিভিন্ন খেলত ১৩ টা সোণ, ১৭ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৯ টা পদক জয় কৰি দেশলৈ গৌৰৱ কাঢ়ি আনিবলৈ সক্ষম হয়।
