এন ডি আৰ এফৰ সহযোগত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ কোষ ,  ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ৬ আগষ্টত  মহাবিদ্যালয় প্ৰাংগণত ‘দুৰ্যোগ ব্যৱস্থাপনা  আৰু সজাগতা’  শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত  কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই অসমৰ দৰে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলত এনে ধৰণৰ প্ৰশিক্ষণৰ গুৰুত্ব আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে।

মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জিয়াউৰ ৰহমান আৰু আয়ুষমান কলিতাই আঁত ধৰা কাৰ্যসূচীত মহাবিদ্যালয়ৰ  এন এছ এছ কোষৰ কাৰ্যসূচী বিষয়া , সহযোগী অধ্যাপক ডঃ জিন্টু গোহাঁইৰ নেতৃত্বত প্ৰায় ৭০ জনতকৈও অধিক এন এছ এছৰ  ভলণ্টিয়াৰে অংশগ্রহণ কৰে।

আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি প্ৰথম এন ডি আৰ এফৰ পৰিদৰ্শক প্ৰবীণ  ফুকন, দীপ্তি সোণোৱাল, ৰঞ্জুমণি  হাজৰিকা আৰু আৰ ডি গুজ্জৰে ভূমিকম্প, বানপানী , ভূমিস্খলনকে ধৰি প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ পাছত আক্ৰান্ত লোকক কিদৰে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব পাৰি তাৰ কৌশল, দুৰ্যোগৰ সময়ত লবলগীয়া সাৱধানতা , আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান আদিৰ বিষয়ে প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *