আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে অসমৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পলিচীধাৰীসকলৰ মনোনীত ব্যক্তি (নমিনী) আৰু হিতাধিকাৰীসকলৰ বাবে এক সৰলীকৃত দাবী নিষ্পত্তি প্ৰক্ৰিয়া ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে দুৰ্ভগীয়া পৰিয়ালসমূহক ক্ষিপ্ৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা। কোম্পানীটোৱে জানিবলৈ দিছে যে বৰ্তমানৰ এই মানৱীয় সংকটৰ সময়ত দ্ৰুত নিষ্পত্তি নিশ্চিত কৰিবলৈ কেৱল তিনিটা প্ৰয়োজনীয় নথিৰ আধাৰতে মৃত্যুৰ দাবীসমূহ প্ৰছেচিং কৰিব পাৰিব।
সংশোধিত পদ্ধতি অনুসৰি, মনোনীত ব্যক্তিসকলে চৰকাৰী, চিকিৎসালয় বা আৰক্ষী কৰ্তৃপক্ষই জাৰি কৰা মৃত্যুৰ প্ৰমাণপত্ৰ বা যিকোনো চৰকাৰী নথি-প্ৰমাণ অথবা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণৰ প্ৰমাণক মৃত্যুৰ প্ৰমাণ হিচাপে জমা দিব পাৰিব। ইয়াৰ উপৰিও, দাবীদাৰসকলে বৈধ কেৱাইচি নথিৰ সৈতে আইএফএছচি ক’ড থকা মনোনীত ব্যক্তিৰ বেংক একাউণ্টৰ সবিশেষ বা কেঞ্চেল(বাতিল) চেক জমা দিব লাগিব।
এই প্ৰক্ৰিয়াটো সহজতৰ কৰিবলৈ বীমা প্ৰতিষ্ঠানটোৱে এটা সমৰ্পিত ২৪x৭ ক্লেইম কেয়াৰ টোল-ফ্ৰী হেল্পলাইন (1800-2660) সক্ৰিয় কৰিছে। ই-মেইল, এছএমএছ, কোম্পানীৰ মোবাইল এপ্লিকেচন বা চৰকাৰী ৱেবছাইটৰ জৰিয়তেও দাবী প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব।
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমছ শাখাৰ মুৰব্বী সাৰং গোখলেই এই বিষয়ে কয় যে, আইচিআইচিআই প্ৰুডেন্সিয়েল উজনি অসমৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ সৈতে সংহতি প্ৰকাশ কৰি বিপদৰ সময়ত একেলগে থিয় দিছে আৰু সকলো যোগ্য মৃত্যুৰ দাবী ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে, বীমা কোম্পানীটোৱে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত উদ্যোগটোৰ ভিতৰতে শীৰ্ষস্থানত থকা ৯৯.৩ শতাংশ দাবী নিষ্পত্তি অনুপাত অৰ্জন কৰিবলৈ সক্ষম হৈছে, য’ত গড় দাবী নিষ্পত্তিৰ সময়সীমা হৈছে কেৱল এদিন।
ডিব্ৰুগড় চহৰত এই পদক্ষেপে উজনি অসমৰ পলিচীধাৰী আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপকৃত কৰিব বুলি আশা কৰা হৈছে, য’ত বানত ব্যাহত কাৰ্য-কলাপৰ বাবে হাজাৰ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এই সৰলীকৃত নথি প্ৰক্ৰিয়া আৰু একাধিক ডিজিটেল দাবী জমাকৰণ মাধ্যমে ডিব্ৰুগড় আৰু উজনিৰ জিলাসমূহৰ গ্ৰাহকসকলৰ বাবে বীমাৰ সুবিধাসমূহ লাভ কৰাটো সহজ কৰি তুলিব আৰু পুনৰ সংস্থাপনৰ সময়ছোৱাত বিত্তীয় সাহাৰ্য পোৱাত হোৱা বিলম্ব হ্ৰাস কৰিব।
অসমৰ পলিচীধাৰীসকলৰ বাবে বানত হোৱা লোকচানৰ ক্লেইম প্ৰক্ৰিয়া সৰল কৰিলে আইচিআইচিআই প্ৰুডেন্সিয়েল-এ
