শ্বিলঙত এইচ চি জিৰ বিশেষজ্ঞ কেন্সাৰ অ’পিডি সেৱা মুকলি, মেঘালয়ৰ ৰোগীয়ে লাভ কৰিব উন্নত অংক’লজী পৰামৰ্শ

বিশেষজ্ঞ কেন্সাৰ অ’ পি ডি সেৱা মুকলিৰ জৰিয়তে মেঘালয়ত কেন্সাৰৰ পৰিচৰ্যাৰ সুবিধাৰ সম্প্ৰসাৰণ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ উডলেণ্ড হাস্পতালত বিশেষজ্ঞৰ পৰামৰ্শই অংক’লজীৰ বিশেষ পৰিচৰ্যাক সমগ্ৰ মেঘালয়ৰ ৰোগীৰ ওচৰলৈ লৈ যাব

সমগ্ৰ উত্তৰ-পূব ভাৰতত বিশেষ কেন্সাৰ পৰিচৰ্যাক অধিক সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি ভাৰতৰ সৰ্ববৃহৎ নিবেদিত কৰ্কট চিকিৎসালয় নেটৱৰ্ক হেল্থকেয়াৰ গ্ল’বেল এণ্টাৰপ্ৰাইজ লিমিটেডে (এইচ চি জি) শ্বিলঙৰ উডলেণ্ড হস্পিতালছৰ সহযোগত আজি শ্বিলঙত এক্সপাৰ্ট কেন্সাৰ অ’পিডি সেৱা আৰম্ভ কৰে।

সংবাদমেল সম্বোধন কৰে কৰ্ণাটক এইচ চি জি কেন্সাৰ হাস্পতালৰ মুখ্য পৰিচালন বিষয়া শ্ৰীমতী মনীষা কুমাৰ; ডাঃ কীৰ্তি কৌশিক এ.এছ., পৰামৰ্শদাতা -ৰেডিয়েচন অংক’লজী, এইচ চি জি কেন্সাৰ চেণ্টাৰ, বেংগালুৰু; আৰু জ্যেষ্ঠ পৰামৰ্শদাতা – বিএমটি হেমাটো-অংক’লজী তথা এইচ চি জি কেন্সাৰ হাস্পতাল, বেংগালুৰুৰ ষ্টেম চেল ট্ৰান্সপ্লাণ্ট চিকিৎসক ডাঃ কে.এছ. নটৰাজে । বক্তাসকলে উন্নত কেন্সাৰ পৰিচৰ্যাৰ সুবিধা সম্প্ৰসাৰণ আৰু নিয়মীয়া বিশেষজ্ঞৰ পৰামৰ্শৰ জৰিয়তে বিশ্বমানৰ অংক’লজী বিশেষজ্ঞতাক মেঘালয়ৰ ৰোগীসকলৰ ওচৰলৈ অনাৰ বাবে এইচ চি জিৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।

এই পদক্ষেপৰ অংশ হিচাপে শ্বিলঙৰ উডলেণ্ড হাস্পতালত প্ৰতি ১৫ দিনৰ মূৰে মূৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ এইচ চি জি এক্সপাৰ্ট কেন্সাৰ অ’পিডিৰ ব্যৱস্থা কৰা হ’ব। এই সেৱাৰ জৰিয়তে ৰোগীসকলে ৰাজ্যৰ বাহিৰলৈ নোযোৱাকৈয়ে এইচ চি জিৰ বহুবিভাগীয় অংক’লজী বিশেষজ্ঞৰ দলৰ পৰামৰ্শ ল’ব পাৰিব। এই পদক্ষেপ আগতীয়াকৈ ৰোগ নিৰ্ণয়, সময়মতে ৰেফাৰেল, ব্যক্তিগতকৃত চিকিৎসা পৰিকল্পনা, আৰু কেন্সাৰ যত্নৰ নিৰৱচ্ছিন্ন ধাৰাবাহিকতাৰ সুবিধাৰ বাবে গ্ৰহণ কৰা হৈছে, যাৰ ফলত সমগ্ৰ মেঘালয়ৰ ৰোগীসকলৰ বাবে বিশেষ অংক’লজী সেৱাৰ সুবিধা যথেষ্ট উন্নত হ’ব। এক্সপাৰ্ট কেন্সাৰ অ’পিডিয়ে লিউকেমিয়া, লিম্ফোমা আৰু মাল্টিপল মাইল’মাৰ দৰে তেজৰ কৰ্কট ৰোগৰ বাবেও বিশেষজ্ঞৰ পৰামৰ্শ আগবঢ়াব আৰু য’ত প্ৰয়োজন হয় ষ্টেম চেল ট্ৰান্সপ্লাণ্টেচনৰ বাবেও বিবেচনা কৰা হ’ব।

এইচ চি জিৰ দলটোৱে মেঘালয়ৰ এগৰাকী ৬৬ বছৰীয়া মহিলাৰ সফল চিকিৎসাৰ যাত্ৰাৰ কথাও বৰ্ণনা কৰে, যিগৰাকী ৰোগীৰ কাণৰ অভ্যন্তৰক মগজুৰ সৈতে সংযোগ কৰা ভেষ্টিবুলোক’ক্লিয়াৰ নাৰ্ভত গঢ় লৈ উঠা ভেষ্টিবুলাৰ শ্বোৱানোমা (ক’ছ গ্ৰেড III) ধৰা পৰিছিল, যি হৈছে এটা বিৰল, বিনাইন মগজুৰ টিউমাৰ । প্ৰায় এবছৰ ধৰি তেওঁ সোঁ কাণৰ শ্ৰৱণ ক্ষমতা ক্ৰমান্বয়ে হেৰুৱাই পেলোৱা, ক্ৰমাগত মূৰ ঘূৰোৱা, খোজ কঢ়াৰ সময়ত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হোৱা আদিৰ দৰে সমস্যাত ভুগিছিল, যাৰ ফলত তেওঁৰ দৈনন্দিন জীৱন আৰু জীৱনৰ মানদণ্ডত যথেষ্ট প্ৰভাৱ পৰিছিল।

বেংগালুৰুৰ এইচ চি জি কেন্সাৰ চেণ্টাৰত বিশদ মূল্যায়নৰ অন্তত ডাঃ কীৰ্তি কৌশিক এ.এছ. আৰু তেওঁৰ দলটোৱে চাইবাৰনাইফ ৰবটিক ৰেডিঅ’চাৰ্জাৰী চিষ্টেম ব্যৱহাৰ কৰি টিউমাৰৰ চিকিৎসা কৰিছিল আৰু উন্নত ৬ডি স্কাল ট্ৰেকিং প্ৰযুক্তিৰ সৈতে ষ্টেৰিঅ’টেকটিক বডি ৰেডিঅ’থেৰাপি (এছবিআৰটি) প্ৰদান কৰিছিল। এই অতি নিখুঁত চিকিৎসাই চাৰিওফালৰ সুস্থ মগজুৰ কলা আৰু জটিল স্নায়ুজনিত গঠনক সুৰক্ষা দিয়াৰ লগতে সঠিক ৰেডিয়েচন প্ৰদান কৰিবলৈ সক্ষম কৰি তুলিছিল। ৰোগীগৰাকীয়ে কোনো বিশেষ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈয়ে চিকিৎসা সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছৰ পৰাই তেওঁৰ লক্ষণসমূহৰ যথেষ্ট উন্নতি হৈছে।

বেংগালুৰুৰ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ পৰামৰ্শদাতা – ৰেডিয়চন অংক’লজী ডাঃ কীৰ্তি কৌশিক এ এছে কয় – “ভেষ্টিবুলাৰ শ্বোৱানোমা মগজুৰ অন্যতম সুক্ষ্ম অংশত অৱস্থিত এটা বিৰল টিউমাৰ, যাৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত নিখুটতা হৈ পৰে মূল শিলাস্তম্ভ।
ৰোগীৰ গতিবিধি বাস্তৱ সময়ত অবিৰতভাৱে অনুসৰণ কৰাৰ লগতে চাইবাৰ নাইফে আমাক উপ-মিলিমিটাৰ নিখুঁততাৰে সঠিক লক্ষ্যত ৰেডিয়েচন প্ৰদান কৰিবলৈ সুবিধা প্ৰদান কৰিছিল। ইয়াৰ ফলত আমি টিউমাৰৰ ফলপ্ৰসূ চিকিৎসা, চাৰিওফালৰ জটিল গঠনসমূহৰ সংৰক্ষণ আৰু মুকলি অস্ত্ৰোপচাৰ নকৰাকৈ ৰোগীক সুস্থ হোৱাত সহায় কৰিবলৈ সক্ষম হলোঁ।”

ৰোগীগৰাকীয়ে কয়- “যেতিয়া মোৰ শ্ৰৱণ ক্ষমতা কমিবলৈ ধৰিলে আৰু মই মোৰ ভাৰসাম্য হেৰুৱাবলৈ ধৰিলোঁ, তেতিয়া মই চিন্তিত হৈ পৰিলোঁ যে আগলৈ কি হ’ব।মোক এনেদৰে যত্ন আৰু সহৃদয়তাৰে চিকিৎসা আগবঢ়োৱাৰ বাবে ডাঃ কীৰ্তি কৌছিক আৰু আৰু এইচ চি জিৰ সমগ্ৰ দলটোৰ ওচৰত কৃতজ্ঞ। আজি মই সুস্থ,অধিক আত্মবিশ্বাসী আৰু কৃতজ্ঞ অনুভৱ কৰিছো যে মই সঠিক সময়ত সঠিক চিকিৎসা লাভ কৰিলোঁ”।

মুকলি অনুষ্ঠানত ভাষণ দি কৰ্ণাটক এইচ চি জি কেন্সাৰ হাস্পতালৰ মুখ্য পৰিচালন বিষয়া শ্ৰীমতী মনীষ কুমাৰে কয় – “কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰোগীৰ ফলাফল উন্নত কৰাৰ বাবে বিশেষ অংক’লজী বিশেষজ্ঞতাৰ সুবিধা সময়মতে পোৱাটো অতি গুৰুত্বপূৰ্ণ। শ্বিলঙত আমাৰ এক্সপাৰ্ট কেন্সাৰ অ’ পি ডিৰ জৰিয়তে আমি এইচ চি জিৰ বহু বিভাগীয় কেন্সাৰ পৰিচৰ্যাক মেঘালয়ৰ ৰোগীসকলৰ ওচৰলৈ লৈ আহিছো, যাতে তেওঁলোকে আগতীয়াকৈ ৰোগ নিৰ্ণয়, বিশেষজ্ঞৰ ক্লিনিকেল গাইডেন্স, ব্যক্তিগতকৃত চিকিৎসা পৰিকল্পনা, আৰু প্ৰয়োজনৰ সময়ত উন্নত কৰ্কট ৰোগৰ পৰিচৰ্যাৰ বাবে নিৰৱচ্ছিন্নভাৱে ৰেফাৰেলৰ সুবিধা লাভ কৰিব পাৰে।উডলেণ্ড হস্পিতালছৰ সৈতে আমাৰ অংশীদাৰিত্বই বিশ্বমানৰ অংক’লজী সেৱাৰ সুবিধা সম্প্ৰসাৰণ আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ বাবে ৰোগীয়ে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ লগতে বিশ্বমানৰ অংকলজী সেৱাৰ সুবিধা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা এইচ চি জিৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে ।”

বেংগালুৰুৰ কে আৰ ৰোডৰ এইচ চি জি কেন্সাৰ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা – বি এম টি হেমাট’-অংক’লজী আৰু ষ্টেম চেল ট্ৰান্সপ্লাণ্ট চিকিৎসক ডাঃ কে.এছ.নটৰাজে কয় – “তেজৰ কৰ্কট ৰোগ আৰু অন্যান্য জটিল ক্ষতিকাৰক ৰোগত আক্ৰান্ত বহু ৰোগীয়ে বিশেষজ্ঞৰ সেৱা সহজে উপলব্ধ নোহোৱা বাবে মূল্যৱান সময় হেৰুৱাই পেলায়।এক্সপাৰ্ট কেন্সাৰ অ পি ডিৰ জৰিয়তে আমি আগতীয়াকৈ বিশেষজ্ঞৰ মূল্যায়ন প্ৰদান,, ৰোগীক প্ৰমাণভিত্তিক চিকিৎসাৰ দিশত পথ প্ৰদৰ্শন কৰা আৰু ষ্টেম চেল প্ৰতিস্থাপনকে ধৰি উন্নত চিকিৎসা পদ্ধতিসমূহৰ প্ৰয়োজনৰ ক্ষেত্ৰত পলম নকৰাকৈয়ে ৰেফেৰেলৰ লক্ষ্য ৰাখিছো।”

এই মুকলিয়ে উন্নত কৰ্কট বিশেষজ্ঞক সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰোগীৰ ওচৰলৈ অনাৰ এইচ চি জিৰ কৌশলৰ আন এক পদক্ষেপক প্ৰতিনিধিত্ব কৰাৰ লগতে প্ৰয়োজন হ’লে ইয়াৰ তৃতীয় পৰ্যায়ৰ কেন্দ্ৰসমূহত ব্যাপক চিকিৎসাৰ নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰিছে।

এইচ চি জি কেন্সাৰ চেণ্টাৰ, বেংগালুৰুৰ বিষয়ে

বেংগালুৰুত অৱস্থিত এইচ চি জি কেন্সাৰ চেণ্টাৰে আৰম্ভণিৰে পৰা কেন্সাৰ যত্নত এক বৈপ্লৱিক পৰিৱৰ্তন আনি ৰোগীসকলক দীৰ্ঘ আৰু উন্নত জীৱন লাভ কৰাত সহায় কৰিছে। বেংগালুৰুত আৰম্ভ হোৱাৰ পিছত, ই ভাৰতৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ সৰ্ববৃহৎ নেটৱৰ্কত পৰিণত হৈছে। এইচ চি জি কেন্সাৰ চেণ্টাৰ বেংগালুৰু সকলো কেন্সাৰৰ নিদান আৰু চিকিৎসাৰ বাবে বিশ্বৰ শেহতীয়া প্ৰযুক্তিৰে সজ্জিত-উচ্চমানৰ নিউক্লিয়াৰ মেডিচিন আৰু পিইটি-চিটিৰ পৰা আৰম্ভ কৰি ৰোগ নিৰ্ণয়ৰ বাবে জিনমিক্স, চাইবাৰনাইফ, এডাপ্টিভ ৰেডিঅ’থেৰাপি, ৰবটিক অনকো-চাৰ্জাৰী, জিন থেৰাপি, চিএআৰ-টি চেল থেৰাপী আদিৰে সমৃদ্ধ হোৱাৰ লগতে ইয়াত আছে প্ৰিচিজন অংক’লজী চিকিৎসা প্ৰট’কলৰ সৈতে ৰোগীৰ যত্নৰ বাবে আছে বিশেষজ্ঞৰ বহুবিভাগীয় পদ্ধতি।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *