মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচবুকৰ এটা ভিডিঅ’ মেটাই সাময়িকভাৱে আঁতৰাই পেলোৱাত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি । অৱশ্যে পাছত মেটাই স্বীকাৰ কৰিলে নিজৰ ভুল ৷মেটাই হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ ফেচবুকৰ পৰা আঁতৰাই দিয়ে । ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো খোলাৰ লগে লগে ভাৰতত কণ্টেণ্টটো উপলব্ধ নহয় বুলি এটা মেছেজ প্ৰত্যক্ষ কৰে । অৱশ্যে পিছত কোম্পানীটোৱে নিজৰ ভুলৰ স্বীকাৰ কৰি ভিডিঅ’টো পুনৰ সংস্থাপন কৰে। এই সন্দৰ্ভত মেটাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । মেটাৰ এগৰাকী মুখপাত্ৰই কয়, “এই বিষয়বস্তুটো ভুলকৈ আঁতৰাই পেলোৱা হৈছিল আৰু এতিয়া পুনৰুদ্ধাৰ কৰা হৈছে ।” কোম্পানীটোৱে স্পষ্ট কৰি দিয়ে যে ভিডিঅ’টো আঁতৰোৱাটো কাৰিকৰী ভুল আছিল, আৰু এতিয়া ই স্বাভাৱিকভাৱে উপলব্ধ ।
মাজনিশা পোষ্ট কৰা এই ভিডিঅ’টোৱে নিশাটোৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত প্ৰায় ১০ লাখ ফ’ল’ৱাৰ সংযোগ কৰাত তেওঁৰ মুঠ ফ’ল’ৱাৰ প্ৰায় ১০১ মিলিয়নলৈ বৃদ্ধি পায় ।২৩ জুলাইত সামাজিক মাধ্যমত পোষ্ট কৰা এই ভিডিঅ’টো আছিল ক’কৰোচ্ছ জনতা পাৰ্টীৰ নেতৃত্বত ৩৬ দিনীয়া ছাত্ৰ প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জেন-জিৰ সৈতে প্ৰথমটো ভাষণ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *