শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত অটল ককৰোচ জনতা পাৰ্টি; তৃতীয় পৰ্যায়ৰ আলোচনাতো নোলাল সমাধান

চলিছে আলোচনা, কিন্তু ওলোৱা নাই সমাধান। দিল্লীৰ লগতে সমগ্ৰ দেশজুৰি শিক্ষাৰ্থীৰ ব্যাপক প্ৰতিবাদৰ পিছত ককৰোচ জনতা পাৰ্টিৰ সৈতে আজি তৃতীয় পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰীয় চৰকাৰ। কিন্তু এই বৈঠকৰ পিছতো সম্পূৰ্ণ সমাধান লাভ নোহোৱাত পুনৰ স্থগিত হৈ পৰে আলোচনা।

সংসদ ভৱনৰ সংবিধান ক্লাবত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনা কৰে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিনিধি দলে। আলোচনাত সংগঠনটোৱে পূৰ্বৰ তিনিটা মূল দাবী পুনৰ উত্থাপন কৰে।

আলোচনাৰ পূৰ্বেই ককৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ আশুতোষ ৰাংকাই স্পষ্ট কৰি কয়, “ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আমাৰ বাবে কোনো আলোচনা কৰিবলগীয়া বিষয় নহয়। চৰকাৰে যদি ইয়াত সন্মতি নিদিয়ে, তেন্তে পৰৱৰ্তী আলোচনাৰ কোনো অৰ্থই নাথাকে।”

সংগঠনটোৱে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ আৰু নিট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ ফলত আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হোৱা শিক্ষাৰ্থীৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী পুনৰ দোহাৰে।

বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কয় যে, চৰকাৰে সংগঠনটোৰ তিনিটা মূল দাবীৰ লগতে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত আগবঢ়োৱা পাঁচটা পৰামৰ্শও বিবেচনা কৰিছে। এই বিষয়ত চৰকাৰে আভ্যন্তৰীণভাৱে আলোচনা কৰাৰ পিছতহে চূড়ান্ত স্থিতি জনোৱা হ’ব।

ইফালে ককৰোচ জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে কয়, “আলোচনা বিস্তৃতভাৱে হৈছে। কিন্তু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰ ক্ষেত্ৰত চৰকাৰে আৰু কিছু সময় বিচাৰিছে। যদি পদত্যাগ নঘটে, তেন্তে এই আন্দোলন আৰু অধিক ব্যাপক ৰূপ ল’ব।”

আনহাতে, একাংশ সংবাদমাধ্যমৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ পৰ্যায়ত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই। চৰকাৰে এতিয়াও শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিছে বুলি সেই

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *