সামাজিক মাধ্যমত ককৰ’চ জনতা পাৰ্টীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ সিদ্ধান্ত সলনি কৰিলে কেন্দ্ৰীয় চৰকাৰে। সম্পূৰ্ণ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰি ৰখাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ লগতে নিৰ্দিষ্ট পোষ্ট বা ইউআৰএলৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি বুলি সংশ্লিষ্ট আইন প্ৰয়োগকাৰী সংস্থাক অৱগত কৰে কেন্দ্ৰই।
প্ৰতিবেদন অনুসৰি, আইন প্ৰয়োগকাৰী সংস্থাৰ অনুৰোধৰ ভিত্তিত প্ৰথমে ককৰ’চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্টটো বন্ধ কৰা হৈছিল। পিছত বিষয়টো পুনৰীক্ষণ কৰাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে মত প্ৰকাশ কৰে যে, সমগ্ৰ একাউণ্ট বন্ধ কৰি দিয়াৰ প্ৰয়োজনীয়তা নাছিল। প্ৰয়োজন হ’লে নিৰ্দিষ্ট পোষ্ট বা ইউআৰএলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
জানিব পৰা মতে, এই পৰামৰ্শৰ পিছতেই ককৰ’চ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্ট পুনৰ সক্ৰিয় কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপক বিষয়ভিত্তিক ব্যৱস্থা আৰু সম্পূৰ্ণ একাউণ্ট বন্ধ কৰাৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা সিদ্ধান্ত হিচাপে দেখা হৈছে।
