দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ

চি জে পিৰ আহ্বানত লাখ লাখ ছাত্ৰ- ছাত্ৰ তথা দল- সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে পৰিবেশ কৰ্মী তথা বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে বিগত ২৫ দিনতকৈও অধিক সময় ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি থকা সোণম ৱাংচুকে অনশন ভংগৰ চৰ্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। চৰকাৰে যদি আন্দোলনকাৰী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ স্পষ্ট আশ্বাস প্ৰদান কৰে, তেন্তে তেওঁ অনশন ভংগ কৰিব বুলি উল্লেখ কৰে। অন্যথা, এই ভোক হৰতাল অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জীতেন্দ্ৰ সিংলৈ প্ৰেৰণ কৰা পত্ৰখনত ৱাংচুকে কয়— “মই চৰকাৰক বিনয়েৰে অনুৰোধ জনাওঁ যে, আন্দোলনত অংশগ্ৰহণ কৰা কোনো এজন যুৱ প্ৰতিবাদকাৰীৰ বিৰুদ্ধেও যাতে কোনো আইনী বা প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়। তেওঁলোকৰ একমাত্ৰ অপৰাধ আছিল শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হকে মাত মতা।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *