আইডিবিআই বেংক লিমিটেডে উচ্চ সুতৰ দ্বাৰা উপাৰ্জন, শক্তিশালী ঋণ বৃদ্ধি আৰু সম্পদৰ মানদণ্ডৰ ধাৰাবাহিক উন্নতিৰ ফলত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সামগ্ৰিক লাভ বছৰি ৫ শতাংশ বৃদ্ধিৰে ২,১১৫ কোটি টকা হোৱাৰ কথা সদৰি কৰি শনিবাৰে প্ৰতিবেদন দাখিল কৰিছে। বেংকটোৱে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ২,০০৭ কোটি টকাৰ মুঠ লাভ অৰ্জন কৰা দেখুৱাইছিল, আনহাতে ক্ৰমান্বয়ে পূৰ্বৱৰ্তী ত্ৰৈমাসিকৰ তুলনাত এই লাভ ৯ শতাংশ বৃদ্ধি পাইছে। মুম্বাইত অনুষ্ঠিত পৰিচালনা সঞ্চালক বৰ্ডৰ বৈঠকত ২০২৬ চনৰ ৩০ জুনত শেষ হোৱা ত্ৰৈমাসিকৰ বিত্তীয় ফলাফলত অনুমোদন জনোৱা হয়। বেংকৰ মুট সুতৰ উপাৰ্জন (এনআইআই) বছৰি ১০ শতাংশ বৃদ্ধি পাই ৩,১৬৬ কোটি টকাৰ পৰা ৩,৪৮৬ কোটি টকা হৈছে, আনহাতে কাৰ্যক্ষম লাভ ২,১৬৮ কোটি টকা হৈছে। বেংকে ৩.৬১ শতাংশ মুট সুতৰ ব্যৱধান আৰু ১.৮৯ শতাংশ সম্পদৰ ৰিটাৰ্ন অৰ্জন কৰা বুলি জনাইছে। জমা ধনৰ ব্যয় ৪.৫৯ শতাংশলৈ হ্ৰাস পাইছে আৰু পুঁজিৰ ব্যয় ৪.৬৮ শতাংশলৈ হ্ৰাস পাইছে, যিয়ে বেংকৰ উন্নত কাৰ্যক্ষম দক্ষতা প্ৰতিফলিত কৰে।
ব্যৱসায়িক দিশত, মুঠ জমা ধন বছৰি ১০ শতাংশ বৃদ্ধি পাই ৩.২৬ লাখ কোটি টকা হৈছে, আনহাতে মুঠ অগ্ৰিম ঋণ ২২ শতাংশ বৃদ্ধি পাই ২.৫৯ লাখ কোটি টকা হৈছে। চিএএছএ অনুপাত আছিল ৪৩.৬৪ শতাংশ, য’ত বেংকটোৱে ইয়াৰ সামগ্ৰিক অগ্ৰিম ঋণৰ পৰ্টফলিঅ’ত কৰ্পৰেট আৰু খুচুৰা ঋণৰ অনুপাত ৩০:৭০ বৰ্তাই ৰাখিছে। সম্পদৰ মানদণ্ড অধিক শক্তিশালী হৈ উঠিছে কাৰণ গ্ৰছ এনপিএ অনুপাত এবছৰৰ আগৰ ২.৯৩ শতাংশৰ পৰা ২.৩০ শতাংশলৈ উন্নত হৈছে, আনহাতে নিট এনপিএ ০.১৬ শতাংশলৈ হ্ৰাস পাইছে। প্ৰভিজন কভাৰেজ অনুপাত(পিচিআৰ) ৯৯ শতাংশৰ ওপৰত অৰ্থাৎ ৯৯.৩১ শতাংশত বাহাল আছে আৰু মূলধন পৰ্যাপ্ততা অনুপাত ২৬.৯২ শতাংশলৈ উন্নত হৈছে। এই ত্ৰৈমাসিকৰ সময়ছোৱাত আইডিবিআই বেংকে অটল পেঞ্চন যোজনাৰ অধীনত পঞ্জীয়নৰ লক্ষ্য পূৰণ কৰাৰ বাবে বিত্তীয় সেৱা বিভাগৰ পৰা এপিৱাই এনুৱেল এৱাৰ্ড অৱ আল্টিমেট এচিভাৰ বঁটা লাভ কৰে, ডিজিটেল বেংকিং উদ্ভাৱনক উদগনি যোগাবলৈ দেশজুৰি আইডিবিআই ইনভেট ২০২৬ হেকাথন আৰম্ভ কৰিছে আৰু প্ৰতিষ্ঠানটোৰ এআই চালিত আই নেত্ৰা অডিট প্ৰণালীৰ বাবে ইণ্টাৰনেল অডিট এক্সেলেন্স এৱাৰ্ডছ ২০২৬ত স্বীকৃতিও লাভ কৰে।
গুৱাহাটী মহানগৰীত আইডিবিআই বেংকৰ এই ধাৰাবাহিক উপাৰ্জন বৃদ্ধি, সম্পদৰ উন্নত মানদণ্ড আৰু স্বাস্থ্যকৰ মূলধনী অৱস্থানে এই অঞ্চলৰ খুচুৰা জমা কৰ্তা, এমএছএমই আৰু কৰ্পৰেট ঋণ লওঁতাসকলৰ মাজত আস্থা বৃদ্ধি কৰিব পাৰে। বেংকৰ ডিজিটেল উদ্ভাৱন আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ওপৰত দিয়া গুৰুত্বই সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰযুক্তি-চালিত বেংকিং সেৱাৰ ক্ৰমবৰ্ধমান চাহিদাক সহায় কৰিব বুলি আশা কৰা হৈছে, য’ত ডিজিটেল গ্ৰহণযোগ্যতা আৰু ঋণৰ চাহিদা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে।
