‘ফৰ হাৰ’ সুগন্ধি শৃংখলাৰে মহিলাৰ সুগন্ধি শিতানত প্ৰৱেশ পার্ক এভিনিউৰ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টচ লিমিটেড(জিচিপিএল)-এ ‘পাৰ্ক এভিনিউ ফৰ হাৰ’ য়াও ডি পাৰফিউম শৃংখলা মুকলি কৰি নিজৰ পাৰ্ক এভিনিউ সুগন্ধি পৰ্টফ’লিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতত মহিলাৰ মাজত প্ৰিমিয়াম বা উচ্চ মানদণ্ডৰ সুগন্ধিৰ ক্ৰমবৰ্ধমান চাহিদাক লক্ষ্য কৰি লোৱা। এই নতুন সংগ্ৰহত চাৰিটা ভেৰিয়েণ্ট ৰখা হৈছে— পইজ, গ্ৰেচ, ভাৰ্ভ আৰু এলিয়ৰ। বিভিন্ন মেজাজ আৰু অনুষ্ঠানৰ বাবে উপযোগী হোৱাকৈ ইয়াত সতেজ, ফুল, মচলাযুক্ত আৰু কাঠৰ সুবাসৰ এক মিশ্ৰণ আগবঢ়োৱা হৈছে। এই উৎপাদসমূহ ১০০ মিলিলিটাৰৰ বটলত ৭৯৯ টকা আৰু চাৰিটা সুগন্ধিৰে সমৃদ্ধ ২০ মিলিলিটাৰৰ বটলৰ এটা ‘ডিস্কভাৰী গিফ্ট ছেট’ ৮৪৯ টকাত উপলব্ধ হ’ব।
আইএমএআৰচি-ৰ মতে, ২০২৫ চনত ভাৰতৰ পাৰফিউম বজাৰৰ মূল্য আছিল ১.২৫ বিলিয়ন মাৰ্কিন ডলাৰ, য’ত মহিলাৰ অংশ আছিল ৫২ শতাংশ। জিচিপিএল-এ জনাইছে যে এই শুভাৰম্ভণিয়ে পাৰ্ক এভিনিউৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে, যি ব্ৰেণ্ড পৰম্পৰাগতভাৱে পুৰুষৰ সুগন্ধি আৰু গ্ৰুমিং সামগ্ৰীৰ বাবেহে পৰিচিত আছিল।
জিচিপিএল-ৰ পাৰ্চনেল কেয়াৰ শাখাৰ বিপণন মুৰব্বী সমীৰ সূৰ্যবংশীয়ে কয় যে, ভাৰতত সুগন্ধিৰ শ্ৰেণীটোৱে তীব্ৰ অগ্ৰগতি লাভ কৰিছে, যাৰ মূল কাৰণ হৈছে গ্ৰাহকসকলে প্ৰিমিয়াম আৰু দীৰ্ঘসময় ধৰি থকা পাৰফিউমক অধিক পছন্দ কৰিবলৈ লৈছে। তেওঁ কয় যে, কোম্পানীটোৱে পুৰুষৰ শিতানত নিজৰ প্ৰতিষ্ঠিত উপস্থিতিৰ সমান্তৰালকৈ মহিলা গ্ৰাহকসকলৰ বাবেও সামগ্ৰী যোগান ধৰি এক ব্যাপক সুগন্ধি পৰ্টফ’লিঅ’ গঢ়ি তোলাৰ এক সুন্দৰ সুযোগ দেখিবলৈ পাইছে।
পাৰ্ক এভিনিউ ফৰ হাৰ শৃংখলা আধুনিক খুচুৰা বিপণী আৰু আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম যেনে আমাজন, ফ্লিপকাৰ্ট, নাইকা আৰু জেপ্টো-ৰ জৰিয়তে উপলব্ধ হ’ব, য’ত প্ৰতিষ্ঠানটোৱে বিশেষভাৱে চহৰীয়া বজাৰসমূহত নিজৰ উপস্থিতি সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *