খুচুৰা ঋণ আৰু এআই-ৰ ব্যৱহাৰে কোম্পানীটোৰ বৃদ্ধিত কৰিছে সহায়

এল এণ্ড টি ফাইনেন্স লিমিটেড(এলটিএফ)-এ ২০২৬ চনৰ ৩০ জুনত সমাপ্ত হোৱা প্ৰথম ত্ৰৈমাসিকত অভিলেখ সংখ্যক ৯০২ কোটি টকাৰ একত্ৰিত কৰ-পৰৱৰ্তী লাভ (পিএটি) অৰ্জন কৰিছে। শক্তিশালী খুচুৰা ঋণ আৰু ধাৰাবাহিক ব্যৱসায়িক বৃদ্ধিৰ বাবে এই লাভ বিগত বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ২৯ শতাংশ বৃদ্ধি পাইছে।
এই অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানটোৱে (এনবিএফচি) ১,২৯,৬৩৪ কোটি টকাৰ সৰ্বকালৰ সৰ্বোচ্চ ঋণ পুজিৰ অভিলেখ গঢ়িছে, যি বছৰি ২৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত কেৱল খুচুৰা ঋণৰ পুজি ২৮ শতাংশ বৃদ্ধিৰে ১,২৭,৫৩৫ কোটি টকা হৈছে। এই ত্ৰৈমাসিকত খুচুৰা ঋণ বিতৰণ ৩৬ শতাংশ বৃদ্ধি পাই ২৩,৮৫২ কোটি টকা স্পৰ্শ কৰিছে।
কোম্পানীটোৱে জনোৱা মতে, এক এআই-ভিত্তিক ঋণদাতাত পৰিণত হোৱাৰ ৰণনীতিৰ অংশ হিচাপে প্ৰযুক্তিৰ প্ৰয়োগ দ্ৰুততৰ কৰিছে। গ্ৰাহকৰ বাবে থকা ‘প্লেনেট’ এপটো ৩০ জুনলৈকে ২.৫ কোটিতকৈও অধিকবাৰ ডাউনলোড কৰা হৈছে। এই এপটোৱে ১.৪ কোটিতকৈও অধিক অনুৰোধ সমাধান কৰাৰ লগতে ১১,৫০০ কোটি টকাৰো অধিক সংগ্ৰহ কৰিছে আৰু প্ৰায় ৩৪,৪৬২ কোটি টকাৰ ঋণ উৎস প্ৰদান কৰিছে। ইয়াৰ উপৰিও ‘পাৰ্টনাৰ প্লেনেট’ প্লেটফৰ্মে ৪,৪০০তকৈও অধিক ডীলাৰক নিজৰ ব্যৱস্থাৰ সৈতে জড়িত কৰিছে।
কোম্পানীৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুদীপ্ত ৰায়ে এই বিষয়ে সদৰি কৰি কয় যে, ভূ-ৰাজনৈতিক অনিশ্চয়তা, মুদ্ৰাস্ফীতিৰ চাপ আৰু উচ্চ ঋণ ব্যয়ৰ মাজতো প্ৰতিষ্ঠানটোৱে এই শক্তিশালী বিকাশ ধৰি ৰাখিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে, যে এল এণ্ড টি ফাইনেন্সৰ নিজা এআই প্ৰচেষ্টা যেনে— ক্ৰেডিট আণ্ডাৰৰাইটিং অথবা ঋণ মূল্যায়নৰ বাবে প্ৰজেক্ট চাইক্লপছ আৰু পৰ্টফলিঅ’ নিৰীক্ষণৰ বাবে প্ৰজেক্ট নষ্ট্ৰাডামাচ-এ ঋণৰ মানদণ্ড, কাৰ্যক্ষমতা আৰু গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰাত সহায় কৰিছে। এই প্ৰচেষ্টাসমূহে কোম্পানীটোৰ লক্ষ্য ২০৩১ কৌশলগত পৰিকল্পনাকো সমৰ্থন কৰিছে।
ব্যৱসায়িক শাখাসমূহৰ ভিতৰত ব্যক্তিগত ঋণে আটাইতকৈ দ্ৰুত বৃদ্ধি লাভ কৰিছে। ইয়াৰ ঋণ পুজি ৮০ শতাংশ বৃদ্ধি পাই ১৬,৯১৭ কোটি টকা হৈছে আৰু ঋণ বিতৰণ ১২৬ শতাংশ বৃদ্ধি পাইছে। গল্ড ফাইনেঞ্চৰ ক্ষেত্ৰতো শক্তিশালী বিকাশ দেখা গৈছে, য’ত ঋণ পুঁজি ১৮২ শতাংশ বৃদ্ধি পাই ৩,৮২৯ কোটি টকা হৈছে। ইয়াৰোপৰি গ্ৰাম্য ব্যৱসায়িক বিত্ত, গৃহ ঋণ, এছএমই বিত্ত, কৃষকৰ বিত্ত আৰু দুচকীয়া বাহনৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰতো ঋণ আৰু বিতৰণ উভয়তে দুটা অংকৰ বিকাশ ঘটিছে।
গুৱাহাটী মহানগৰীত এল এণ্ড টি ফাইনেন্সৰ দৰে ডাঙৰ এনবিএফচিসমূহৰ এই শক্তিশালী প্ৰদৰ্শনে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ঋণৰ উপলব্ধতাত সহায় কৰিব পাৰে, বিশেষকৈ গ্ৰাম্য ঋণ লওঁতা, ক্ষুদ্ৰ ব্যৱসায়ী, খেতিয়ক আৰু দুচকীয়া বাহন ক্ৰেতাসকলৰ বাবে সহায়ক হ’ব পাৰে। অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ আৰু আন্তঃগাঁথনিৰ বিনিয়োগ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কোম্পানীটোৰ প্ৰযুক্তি-চালিত ঋণ আৰু গ্ৰাম্য বিত্তৰ ধাৰাবাহিক সম্প্ৰসাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ খুচুৰা ঋণ আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ৰমবৰ্ধমান চাহিদাক পূৰণ কৰিব বুলি আশা কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *