অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ’ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে আগন্তুক কেইদিনো ৰাজ্যখনত প্ৰবল বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
অবিৰত বৰষুণৰ ফলত পাহাৰৰ ঢাল পানীৰে সংপৃক্ত হৈ পৰাত পশ্চিম কামেং জিলাৰ একাধিক স্থানত ভূমিস্খলন আৰু বালি-মাটিৰ সোঁত বয়। ইয়াৰ ফলত সীমান্ত অঞ্চলৰ সৈতে সংযোগ ৰক্ষা কৰা বালিপাৰা-চাৰদুৱাৰ-তাৱাং ঘাইপথৰ কেইবাটাও অংশত যাতায়াত ব্যাহত হৈ পৰে।
দেওবাৰে সন্ধিয়ালৈকে পশ্চিম কামেং জিলাত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই। কিন্তু আগন্তুক কেইদিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহাসহ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাত প্ৰশাসনে সতৰ্কতা বৃদ্ধি কৰিছে।
যোৱা জুন মাহৰ শেষৰ ফালৰ পৰা অব্যাহত থকা বান আৰু ভূমিস্খলনে সমগ্ৰ অৰুণাচলত ব্যাপক ক্ষতি সাধন কৰিছে। চৰকাৰী হিচাপ অনুসৰি, এতিয়ালৈকে ৰাজ্যখনৰ ২৬খন জিলাৰ ৯৪ হাজাৰৰো অধিক লোক এই দুৰ্যোগত প্ৰভাৱিত হৈছে। কেইই পানিয়ৰ, আনজাও আৰু লোৱাৰ চিয়াঙকে ধৰি বিভিন্ন জিলাত বৰষুণজনিত পৃথক পৃথক ঘটনাত কমেও সাতজনৰ মৃত্যু হৈছে। আন কেইবাজনো এতিয়াও সন্ধানহীন হৈ আছে।
বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ বহু ঠাইত পথ, দলং আৰু কৃষিভূমিৰো বিস্তৰ ক্ষতি হৈছে। একাধিক ঘাইপথত যাতায়াত ব্যাহত হৈ পৰিছে।
ইফালে, পশ্চিম কামেং জিলাৰ ক্ষতিগ্ৰস্ত পথসমূহত সীমান্ত পথ সংস্থাৰ কৰ্মী আৰু জিলা প্ৰশাসনৰ দল মোতায়েন কৰা হৈছে। ধ্বংসস্তূপ আঁতৰাই পুনৰ যান-বাহন চলাচল স্বাভাৱিক কৰাৰ কাম অব্যাহত থাকিলেও সম্পূৰ্ণৰূপে যাতায়াত স্বাভাৱিক হ’বলৈ কিছু সময় লাগিব বুলি প্ৰশাসনে জনাইছে।
ভূমিস্খলনপ্ৰৱণ পাহাৰীয়া অঞ্চল আৰু নিম্নাঞ্চলত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ, অতি প্ৰয়োজন নোহোৱালৈকে বিপজ্জনক পথ ব্যৱহাৰ নকৰিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে।
