বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব
বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ‘ব্লেক মেইল’ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে,সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গৰজি উঠি কয় যে, একাংশ লোকে বন্য প্ৰাণীৰ সুৰক্ষাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিভাগটোক আৰু সৰ্বসাধাৰণক ব্লেক মেইল কৰি আহিছে। মই মন্ত্ৰী হৈ থকালৈকে বন বিভাগত এনেধৰণৰ কোনো ব্লেক মেইল চলিবলৈ দিয়া নহ’ব। বন বিভাগত চলি থকা ব্লেক মেইলৰ দোকান এইবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব।বন্য প্ৰাণী সুৰক্ষাৰ নামত যদি কোনো লোকে কাৰোবাক ব্লেক মেইল কৰাৰ তথ্য বা খবৰ লাভ কৰা যায়, তেন্তে তেনে লোকৰ বিৰুদ্ধে লগে লগে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
