নাওত চলিল আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; জব্দ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নদীপথেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা চলি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। যাত্ৰীবাহী এখন নাওত চলোৱা ড্ৰাগছবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰাৰ লগতে এজন কথিত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে।

জিলা আৰক্ষীয়ে জনোৱা মতে, অভিযানত জব্দ কৰা নিচাযুক্ত সামগ্ৰীসমূহ যাত্ৰীবাহী নাওখনৰ পৰা উদ্ধাৰ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজীৱ মিঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ প্ৰাসংগিক আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। এই চালানটো ক’ৰ পৰা আহিছিল, ক’লৈ নিয়াৰ পৰিকল্পনা আছিল আৰু ইয়াৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, ৰাজ্যজুৰি চলি থকা ড্ৰাগছবিৰোধী অভিযানৰ অংশ হিচাপেই এই অভিযান চলোৱা হৈছিল। ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ আৰু বেহা নিয়ন্ত্ৰণৰ লক্ষ্যৰে এনে অভিযান আগলৈও অব্যাহত থাকিব বুলি জনাইছে আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *