বিশ্বকাপত গ’ল কৰিব নোৱাৰিলেও চিন্তিত নহয় লামিন ইয়ামাল

বিশ্বকাপ ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে কোনো গ’ল কৰিব নোৱাৰা স্বত্বেও, স্পেইনৰ তৰুণ তাৰকা খেলুৱৈ লামিন ইয়ামাল খেলপথাৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ‘প্লেয়াৰ অফ দ্য মেচ’ বিবেচিত হৈছে। আজি  অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল মেচখনত স্পেইনে বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ১৮ বছৰীয়া বাৰ্চিলোনাৰ এই তাৰকাগৰাকীয়ে চলিত বিশ্বকাপত এতিয়ালৈকে মাত্ৰ এটা গ’ল (চৌদি আৰৱৰ বিৰুদ্ধে) হে কৰিবলৈ সক্ষম হৈছে। মেচৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ইয়ামালে কয়-মই গ’ল কৰিব বিচাৰোঁ, কিন্তু মই কেৱল গ’ল কৰাৰ কথা ভাবি খেলপথাৰত নামি নপৰো।

দলক জিকাত সহায় কৰাটোহে মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য। যদি স্পেইনে বিশ্বকাপ জয় কৰে, তেন্তে মই কেইটা গ’ল কৰিলোঁ সেইটো কোনেও মনত নাৰাখে। তেওঁ লগতে উল্লেখ কৰে যে দুবছৰ আগতে কেৱল এটা গ’ল কৰিয়েই তেওঁলোকে ইউৰো কাপ জয় কৰিছিল, গতিকে বৰ্তমানৰ গ’লৰ সংখ্যা লৈ তেওঁ কোনো মানসিক চাপত নাই। এই মেচখনৰ জৰিয়তে ১৮ বছৰ বা তাতকৈ কম বয়সত বিশ্বকাপত সৰ্বাধিক (৬ খন) মেচ খেলাৰ এক নতুন অভিলেখো গঢ়িলে ইয়ামালে।

খেলৰ শেষত লছ এঞ্জেলছৰ ষ্টেডিয়ামৰ ডাঙৰ পৰ্দাত ইয়ামালৰ ৩ বছৰীয়া সৰু ভাতৃক কেইনক দেখা যায়। কেইনে খেলপথাৰত থকা ককায়েকক উদ্দেশ্যি চুমা এটা পঠিয়াই মৰমীয়াল ভংগীমা প্ৰদৰ্শন কৰে, যিয়ে খেলপথাৰত উপস্থিত থকা দৰ্শকসকলৰ মন মুহি পেলায়। ছেমিফাইনেলত স্পেইনৰ মুখামুখি হ’ব শক্তিশালী ফ্ৰান্সৰে। ফ্ৰান্সৰ বিৰুদ্ধে হ’বলগীয়া এই খেলখনক লৈ স্পেইন দলটো সম্পূৰ্ণ আত্মবিশ্বাসী বুলি ইয়ামালে জানিবলৈ দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *