শিলচৰৰ পাছত এইবাৰ চুৰি সামগ্ৰীৰ বিৰুদ্ধে কালাইন আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ আসক্ত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কালাইন থানাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালাইন থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ কোৱাৰ্টাৰত সংঘটিত চুৰিকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে এই সফলতা লাভ কৰে।
এই চুৰিকাণ্ডৰে জড়িত আলিম উদ্দিন আৰু চেলিম উদ্দিন নামৰ দুজন ড্ৰাগছ আসক্ত যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে নাতানপুৰৰ মুহিম উদ্দিন নামৰ এজন ভঙা-চিঙা ব্যৱসায়ীৰ ঘৰত অভিযান চলায়।
অভিযানকালত আৰক্ষীয়ে ব্যৱসায়ীজনৰ ঘৰৰ পৰা ৩০টা বেটাৰী, ৬টা বৈদ্যুতিক মটৰ, এখন ইলেক্ট্ৰনিক ওজন পাল্লা, বিভিন্ন ধৰণৰ বাচন-বৰ্তন, বৈদ্যুতিক তাঁৰ, মন্দিৰ-মছজিদৰ সামগ্ৰী, বিভিন্ন বাহনৰ যন্ত্ৰাংশ আৰু দুখন নম্বৰ প্লেট উদ্ধাৰ কৰে।
ইফালে, আৰক্ষীৰ অভিযানৰ খবৰ পাই ভঙা-চিঙা ব্যৱসায়ী মুহিম উদ্দিনে পলায়ন কৰে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
