প্ৰিমেচিয়ৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চী(অকাল ডিম্বাশয়ৰ অপৰ্যাপ্ততা): ৪০ বছৰৰ পূৰ্বৰ অনিয়মিত সময় কিয় মনোযোগ দিয়াৰ প্ৰয়োজন

২০ বা ৩০ বছৰ বয়সত অনিয়মিত ঋতুস্ৰাৱ হ’লে প্ৰায়ে ইয়াক মানসিক চাপ, ওজনৰ পৰিৱৰ্তন, থাইৰয়ডৰ সমস্যা বা সাধাৰণ হৰমনৰ তাৰতম্য বুলি ভাবি আওকাণ কৰা হয়। কিন্তু যেতিয়া এই ঋতুচক্ৰ অতি কমকৈ হ’বলৈ ধৰে, অনিয়মিত হৈয়েই থাকে বা কেইবামাহো ধৰি বন্ধ হৈ যায়, তেতিয়া ইয়াক চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফ-ৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে কয় যে, কিছুমান মহিলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনসমূহ প্ৰিমেচিয়ৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চী(পিঅ’আই)ৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

৪০ বছৰ বয়সৰ পূৰ্বে যেতিয়া ডিম্বাশয়ে নিজৰ স্বাভাৱিক কাৰ্যক্ষমতা হেৰুৱাই পেলায়, তেতিয়া তাক প্ৰিমেচিয়ৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চী বুলি কোৱা হয়। ই ঋতুচক্ৰ, হৰমনৰ মাত্ৰা আৰু সন্তান জন্মদানৰ সামৰ্থ্যত অপ্ৰত্যাশিতভাৱে বহুত কম সময়তে প্ৰভাৱ পেলাব পাৰে। এই অৱস্থাটো স্বাভাৱিক মেনোপজ(ঋতুস্ৰাৱ চিৰদিনলৈ বন্ধ হোৱা)ৰ দৰে একে নহয়। প্ৰতিটো ক্ষেত্ৰতে ডিম্বাশয়ৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ নাযাবও পাৰে আৰু কিছুমান মহিলাই মাজে-সময়ে ডিম্বস্ফোটন (অভ্যুলেট) কৰিব পাৰে। এইবাবেই ইয়াৰ নিৰ্ণয় প্ৰক্ৰিয়াটো অতি অপ্ৰত্যাশিত যেন লাগিব পাৰে, বিশেষকৈ যিসকল মহিলাই এতিয়ালৈকে গৰ্ভধাৰণৰ কোনো পৰিকল্পনা কৰা নাই।

প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্তকৰণ

ইয়াৰ লক্ষণসমূহ মেনপজৰ সময়ত দেখা পোৱা লক্ষণসমূহৰ সৈতে সংগতি থাকিব পাৰে। মহিলাসকলে অনিয়মিত ঋতুস্ৰাৱ, ঋতুচক্ৰ বন্ধ হোৱা, হঠাতে শৰীৰ গৰম লগা, নিশা ঘাম ওলোৱা, টোপনিৰ ব্যাঘাত ঘটা বা যোনিদ্বাৰ শুকাই যোৱাৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে। কিছুমানৰ বাবে গৰ্ভধাৰণত হোৱা অসুবিধাই প্ৰথম লক্ষণ হ’ব পাৰে, যাৰ বাবে বন্ধ্যাত্ব বিশেষজ্ঞৰ ওচৰলৈ যাবলগীয়া হয়।

ইয়াৰ কাৰণসমূহ ভিন্ন হ’ব পাৰে। জিনীয় কাৰণ, অট’ইমিউন সমস্যা, কিছুমান বিশেষ চিকিৎসা আৰু ডিম্বাশয়ৰ অস্ত্ৰোপচাৰৰ বাবেও প্ৰাকপৰিপক্ক ডিম্বাশয় নিষ্ক্ৰিয়ও হ’ব পাৰে। অৱশ্যে বহু মহিলাৰ ক্ষেত্ৰত ইয়াৰ কোনো স্পষ্ট কাৰণ বিচাৰি পোৱা নাযায়। সেইবাবেই, যেতিয়া এগৰাকী কম বয়সীয়া মহিলাৰ দীৰ্ঘদিন ধৰি ঋতুস্ৰাৱৰ পৰিৱৰ্তন ঘটে বা গৰ্ভধাৰণত বুজাব নোৱাৰা সমস্যা হয়, তেতিয়া সঠিক সময়ত ইয়াৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰে। 

সোনকালে ৰোগ নিৰ্ণয় হ’লে মহিলাগৰাকীয়ে নিজৰ শৰীৰত কি ঘটিছে সেয়া বুজাত, ডিম্বাশয়ৰ কাৰ্যক্ষমতা পৰীক্ষা কৰাত আৰু সঠিক সময়ত পৰামৰ্শ লাভ কৰাত সহায় হয়। ই লগতে এগৰাকী বিশেষজ্ঞৰ সৈতে নিজৰ সন্তান জন্মদানৰ লক্ষ্যসমূহ আলোচনা কৰিবলৈ আৰু ব্যক্তিগত শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপসমূহ পৰিকল্পনা কৰাৰ সুযোগ দিয়ে।

এই অৱস্থাটো কেৱল সন্তান জন্মদানৰ সামৰ্থ্যৰ বাবেই কিয় চিন্তনীয় নহয়

যদিও সন্তান জন্মদানৰ সামৰ্থ্যই প্ৰাথমিক উদ্বেগৰ বিষয়, তথাপিও প্ৰাক্পৰিপক্ক ডিম্বাশয় নিষ্ক্ৰিয়তাই কেৱল প্ৰজনন স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ নেপেলায়। যেতিয়া আশা কৰাতকৈ সোনকালে ইষ্ট্ৰোজেন হৰমনৰ মাত্ৰা হ্ৰাস পায়, তেতিয়া ই হাড়ৰ স্বাস্থ্য, হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই কাৰণেই দীৰ্ঘম্যাদী চিকিৎসা আৰু নিয়মীয়া তদাৰক কৰাটো এই সেৱাৰ এক গুৰুত্বপূৰ্ণ অংশ।

ইয়াৰ চিকিৎসা মহিলাগৰাকীৰ বয়স, লক্ষণ, হৰমনৰ স্থিতি, ডিম্বাশয়ৰ সংৰক্ষিত ক্ষমতা আৰু প্ৰজননৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান নিৰ্বাচিত ক্ষেত্ৰত ফাৰ্টিলিটি প্ৰিজাৰভেচন(সন্তান জন্মদানৰ ক্ষমতা সংৰক্ষণ কৰা)ৰ বিষয়ে আলোচনা কৰিব পৰা যায়। চিকিৎসা বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়তো কিছুমান মহিলাই নিজৰ ব্যক্তিগত শাৰীৰিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গৰ্ভধাৰণ কৰিব পাৰে। 

মাজে-সময়ে এবাৰ ঋতুস্ৰাৱ নোহোৱাটো সদায় চিন্তাৰ কাৰণ নহ’বও পাৰে। কিন্তু যেতিয়া ঋতুস্ৰাৱৰ এই পৰিৱৰ্তন ধাৰাবাহিকভাৱে চলি থাকে, তেতিয়া তাৰ পৰীক্ষা কৰোৱা উচিত। প্ৰিমেচিয়ৰ অভাৰিয়ান ইনচাফিচিয়েঞ্চীৰ বিষয়ে সচেতনতাই মহিলাসকলক সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ, বিকল্পসমূহ বুজিবলৈ আৰু নিজৰ প্ৰজননৰ ভৱিষ্যতৰ বিষয়ে সঠিক সিদ্ধান্ত ল’বলৈ সহায় কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *