আৰক্ষী বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ; বন্দুকধাৰীৰ গুলীচালনাত নিহত ৯ জোৱান

সশস্ত্ৰ দুৰ্বৃত্তৰ গুলীচালনাত নিহত হ’ল অন্ততঃ ৯ জন আৰক্ষী জোৱান। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ জিয়াৰাত জিলাত নিৰ্মীয়মাণ মাংগি বান্ধ প্ৰকল্পৰ নিৰাপত্তাত নিয়োজিত আৰক্ষী বাহিনীক লক্ষ্য কৰি সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ।

জিয়াৰাত জিলাৰ উপায়ুক্ত আব্দুল কুদ্দুছ আচাকজাইয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত দুজন জ্যেষ্ঠ আৰক্ষী বিষয়াও আছে। আক্ৰমণৰ পিছৰে পৰা কেইবাজনো আৰক্ষী সদস্য সন্ধানহীন হৈ থকাত তেওঁলোকক বিচাৰি ব্যাপক তালাচী অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে।

আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই। অৱশ্যে ঘটনাৰ পিছতে জিয়াৰাতত চলোৱা ‘ক্লিয়েৰেন্স অপাৰেচন’ত পাকিস্তান তালিবানৰ ১৫ জন সদস্যক হত্যা কৰা হৈছে বুলি দাবী কৰে বেলুচিস্তান প্ৰশাসনে।

ইফালে, ঘটনাৰ প্ৰতিবাদত আক্ৰমণস্থলীৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় বাসিন্দাসকলে।

পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নকভীয়ে এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰি কৰি নিহত জোৱানসকলক পাকিস্তানৰ গৌৰৱ বুলি অভিহিত কৰে।

কুৱেটা চহৰৰ পানীৰ সংকট দূৰ কৰাৰ লক্ষ্যৰে নিৰ্মাণ হৈ থকা মাংগি বান্ধ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত আছিল নিহত আৰক্ষীসকল।

উল্লেখ্য, আফগানিস্তান আৰু ইৰাণ সীমান্তৱৰ্তী বেলুচিস্তান প্ৰদেশত দীৰ্ঘদিন ধৰি বিভিন্ন সশস্ত্ৰ সংগঠনৰ তৎপৰতা অব্যাহত আছে। অধিক স্বায়ত্তশাসনৰ দাবীত অঞ্চলটোত সময়ে সময়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈ আহিছে।

যোৱা মে’ মাহত সামৰিক বাহিনীৰ সদস্য কঢ়িয়াই অনা এখন ৰে’লত আক্ৰমণ চলাই ২০ জন লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ বিৰুদ্ধে। শেহতীয়াকৈ আফগানিস্তানৰ তালিবান শাসনেও সীমান্তৱৰ্তী এই অঞ্চলত আক্ৰমণ চলোৱাৰ দাবী কৰাৰ বিপৰীতে পাকিস্তান সেনাই চাৰিখন ড্ৰ’ন ভূপাতিত কৰাৰ কথা প্ৰকাশ কৰিছিল।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *