আৰক্ষী জিম্মাত কিধৰণৰ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হয় মহিলা? জেৰাৰ সময়ত কেনে প্ৰশ্ন সোধা হয়? – গ্ৰেপ্তাৰৰ পূৰ্বেই ইণ্টাৰনেটত এই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিছিল ছিয়া গোৱেলে।
মহাৰাষ্ট্ৰৰ পুনেত কেতন আগৰৱাল হত্যাকাণ্ডৰ তদন্তৰ সময়ত ছিয়া গোৱেল সম্পৰ্কে এই বিস্ফোৰত তথ্য সদৰি কৰিছে আৰক্ষীয়ে। তদন্তকাৰীৰ মতে, এই গোচৰত ছিয়াক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেই তেওঁৰ মোবাইলৰ চাৰ্ছ ইঞ্জিনত আৰক্ষীৰ জেৰা আৰু আৰক্ষীৰ জিম্মাত মহিলাৰ সৈতে কৰা আচৰণ সম্পৰ্কে সন্ধান চলাইছিল।
ইয়াৰোপৰি হত্যাকাণ্ডৰ তদন্ত পদ্ধতি আৰু বহুচৰ্চিত ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে বিস্তাৰ তথ্য বিচাৰিছিল মূল অভিযুক্ত ছিয়া গোৱেলে।
তদন্তকাৰী বিষয়াসকলৰ মতে, ছিয়াৰ জব্দ কৰা দুটা মোবাইল ফোনৰ চাৰ্ছ হিষ্টৰীত আৰক্ষীৰ জিম্মাত মহিলাসকলৰ সৈতে কেনেদৰে ব্যৱহাৰ কৰা হয়, হত্যাকাণ্ডৰ গোচৰত কেনেদৰে জেৰা চলোৱা হয় আৰু ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অভিযুক্ত সোনম ৰঘুবংশীয়ে কেনেদৰে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল আদি বিষয়ত একাধিক অনুসন্ধানৰ তথ্য পোৱা গৈছে।
এই অনুসন্ধানসমূহৰ জৰিয়তে আইনী প্ৰক্ৰিয়া বুজি ল’ব আৰু সম্ভাৱ্য জেৰাৰ বাবে পূৰ্বপ্ৰস্তুতি চলোৱাৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, পুনেৰ যুৱ ব্যৱসায়ী ২৫ বছৰীয়া কেতন আগৰৱালৰ মৃত্যুক প্ৰথমে দুৰ্ঘটনা বুলি ধৰা হৈছিল। কিন্তু তদন্ত আগবঢ়াৰ লগে লগে ঘটনাটোক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীয়ে তেওঁৰ বাগ্দত্তা ছিয়া গোৱেল আৰু ছিয়াৰ ঘনিষ্ঠ বন্ধু চেতন চৌধুৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, পুনেৰ লোহগড় দুৰ্গলৈ ফুৰিবলৈ নিয়াৰ পিছত কেতনক খাৱৈত ঠেলি হত্যা কৰা হৈছিল।
তদন্তত এইটোও পোহৰলৈ আহিছে যে ঘটনাৰ পূৰ্বে ছিয়া আৰু চেতনে অনলাইনত হত্যা কৰাৰ বিভিন্ন উপায় বিচাৰিছিল। দুয়োৰে মাজত জানুৱাৰীৰ পৰা জুন মাহলৈ ২,০০৪বাৰ ফোনযোগেও যোগাযোগ হৈছিল বুলি তদন্তকাৰীয়ে দাবী কৰিছে।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে ঘটনাস্থলীত পুনৰ নিৰীক্ষণ চলোৱাৰ লগতে লোহগড় দুৰ্গত হত্যাৰ পৰিকল্পনা আৰু পূৰ্বপ্ৰস্তুতি চলোৱাৰ অভিযোগো উত্থাপন কৰিছিল। তদন্তৰ স্বাৰ্থত ছিয়াৰ পলিগ্ৰাফ পৰীক্ষাৰ বাবেও আদালতৰ অনুমতি বিচৰা হৈছে।
