ভাৰত ভ্ৰমণৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ নতুন দিল্লী পাবহি জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটীলৈ নাহিলেও ভাৰত ভ্ৰমণৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ বুধবাৰে নতুন দিল্লী পাবহি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি। পূৰ্বৰ নিৰ্ধাৰিত ভ্ৰমণসূচী অনুসৰি বিশেষ বিমানেৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী বুধবাৰৰ সন্ধিয়া ৭-০০ বজাত উপস্থিত হ’বহি ৰাজধানী নতুন দিল্লীত।
৫০ জনৰো অধিক প্ৰতিনিধি দলসহ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক কঢ়িয়াই অনা বিমানখন নতুন দিল্লীৰ পালাম বায়ুসেনাৰ ঘাটিত অৱতৰণ কৰিব। তাতেই তেওঁক উষ্ম আদৰণী জনোৱা হ’ব। ২ জুলাইত ৰাষ্ট্ৰপতি ভৱনত তেওঁৰ সন্মানৰ্থে আয়োজন কৰা হৈছে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *