সুৰাপানক লৈ পত্নীৰে কাজিয়া! হিতাহিত হেৰুৱাই দুই সন্তানক নৃশংস হত্যা পাষণ্ড পিতৃৰ

পত্নীৰ সৈতে হোৱা পাৰিবাৰিক বিবাদে নিমিষতে কাঢ়ি নিলে দুটা নিষ্পাপ শিশুৰ প্ৰাণ। সুৰাসক্ত অৱস্থাত খঙৰ বশৱৰ্তী হৈ নিজৰেই দুই সন্তানক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী পিতৃৰ বিৰুদ্ধে। ঘটনাত থিতাতে মৃত্যু ঘটে ১৩ বছৰীয়া এগৰাকী কিশোৰী আৰু চাৰি বছৰীয়া ভাতৃৰ।

শনিবাৰে ত্ৰিপুৰাৰ ধলাই জিলাৰ গান্দাচেৰা মহকুমাৰ অন্তৰ্গত উল্টাচৰা ব্ৰু পুনৰ সংস্থাপন গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয়।

মৃত শিশুদ্বয়ক ঋষিকা খা হামতি ব্ৰু (১৩) আৰু প্ৰিহ স্মাইনা ব্ৰু (৪) বুলি চিনাক্ত কৰা হৈছে। পিতৃ লালচুনাওমা ব্ৰুৰ প্ৰহাৰতে প্ৰাণ হেৰুৱায় দুয়োটি কণমানিয়ে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, শনিবাৰে পুৱা সুৰাসক্ত অৱস্থাত পত্নী ৰান্তাৰুং ব্ৰুৰ সৈতে লালচুনাওমা ব্ৰুৰ বিবাদৰ সূচনা হয়। সেই সময়ত দুয়োটা সন্তানে কান্দিবলৈ আৰম্ভ কৰাত খঙৰ বশৱৰ্তী হৈ কাঠৰ টুকুৰাৰে তেওঁলোকক আক্ৰমণ কৰে অভিযুক্তজনে। যাৰ ফলত গুৰুতৰ আঘাত পাই ঘটনাস্থলীতে দুয়োটা শিশুৰ মৃত্যু হয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে গান্দাচেৰা আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

ঘটনাস্থলীলৈ এছডিপিঅ’, আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত হৈ তদন্ত তদাৰক কৰে। লগতে ফৰেনছিক দলো ঘটনাস্থলীত উপস্থিত হৈ তথ্য-প্ৰমাণ সংগ্ৰহ কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *